Local, Vocal, Global

India looks forward to receiving French President Macron as chief guest at 75th Republic Day : ৭৫ সংখ্যাক গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক । ৭৫ সংখ্যাক গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক ।

ইমানুৱেল মেক্ৰ’নৰ ভাৰত ভ্ৰমণৰ সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিবলৈ আমি আশাবাদী ।

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে এক্স এটা পোষ্টত লিখে যে, “মোৰ মৰমৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন, আমি ৭৫ সংখ্যক গণৰাজ্য দিৱসত আপোনাক মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ । আমি ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত অংশীদাৰী বিশ্বাস উদযাপন কৰিম ।”

উল্লেখ্য যে শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’নে ২০২৪ৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণৰ কথা নিশ্চিত কৰিছে আৰু তেওঁক আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে(India looks forward to receiving French President Macron as chief guest at 75th Republic Day) ।

এক্সৰ এটা পোষ্টৰ জড়িয়তে ৰাষ্ট্ৰপতি মেক্ৰ’নে কয় যে, “আপোনাৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ, মোৰ মৰমৰ বন্ধু নৰেন্দ্ৰ মোদী । ভাৰতৰ গণতন্ত্ৰ দিৱস আপোনাৰ সৈতে উদযাপন কৰিবলৈ মই আহিম !”

বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে তেওঁ মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণ কৰিব । “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিব ।”

উল্লেখ্য যে ভাৰত আৰু ফ্ৰান্সে কৌশলগত অংশীদাৰ হিচাপে বিভিন্ন আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত যথেষ্ট পৰিমাণৰ একত্ৰীকৰণ ভাগ-বতৰা কৰে । লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় ৰাজধানীত গণতন্ত্ৰ দিৱস উদযাপনত এগৰাকী ফৰাচী নেতা ষষ্ঠবাৰৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । মেক্ৰ’নৰ পূৰ্বে ফ্ৰান্সৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাক চিৰাক ১৯৭৬ আৰু ১৯৯৮ চনত ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি আছিল । তেনেদৰে ১৯৮০, ২০০৮ আৰু ২০১৬ বৰ্ষত প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে ভেলেৰী জিচকাৰ্ড ডি’এষ্টাইং, নিকোলাছ চাৰ্কোজি আৰু ফ্ৰাঙ্কোইচ ওলাণ্ড মুখ্য অতিথি আছিল(Looking forward to receiving you as chief guest at Republic Day: PM Modi to Macron) ।

ইফালে এই বছৰটো হ’ব ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্যক বাৰ্ষিকী । তদুপৰি, প্ৰধানমন্ত্ৰী মোদী চলিত বৰ্ষৰ ১৪ জুলাইত পেৰিছত অনুষ্ঠিত বাষ্টিল দিৱসৰ কুচকাৱাজত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল । তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’নৰ আমন্ত্ৰণত ফ্ৰান্স ভ্ৰমণ কৰিছিল । আনহাতে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’নেও এই বছৰৰ ছেপ্টেম্বৰত ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল ।

লগতে পঢ়ক : Husband Killed His Wife : ভয়ংকৰ, শিহৰণকাৰী ! পত্নীক হত্যা কৰি মৃতদেহৰ ওচৰত শুই থাকিল স্বামী