Husband Killed His Wife : ভয়ংকৰ, শিহৰণকাৰী ! পত্নীক হত্যা কৰি মৃতদেহৰ ওচৰত শুই থাকিল স্বামী
নেশ্যনেল ডেস্ক, ২১ডিচেম্বৰ : পুনৰ মানৱৰূপী দানৱৰ আন এক জঘন্য কাণ্ড । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা দেশত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Gorakhpu Murder Case ) ।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ হৰপুৰ বুধাট আৰক্ষী থানা অঞ্চলত মঙলবাৰে নিশা এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে(Husband Killed His Wife) ।
উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ এজন লোকে পত্নীক হত্যা কৰি ওৰে নিশা পত্নীৰ মৃতদেহটোৰ লগত শুই থাকে ৷ লোকজনে গোটেই নিশা কোঠাৰ ভিতৰত পত্নীৰ মৃতদেহত হাত বুলাই কান্দি থাকে ৷ পুত্ৰৰ কান্দোন শুনি পিতৃয়ে মাত দিয়ে যদি পুত্ৰই মাত নিদিয়াত পিতৃয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কোঠাৰ দৰ্জাখন খুলি ভিতৰলৈ সোমাই যায় আৰু ভিতৰৰ দৃশ্য দেখি হতভম্ব হয় ।
পত্নীৰ ৰক্তাক্ত শৰীৰ বিচনাত পৰি আছে আৰু তেজেৰে লুটুৰি পুটুৰি পত্নীৰ ওচৰত শুই আছে স্বামী । লগে লগে আৰক্ষী স্বামী অনিল বেলদাৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰু থানালৈ লৈ যায় ।
ঘটনাৰ বিৱৰণী অনুসৰি, মৃত মহিলাগৰাকীৰ নাম প্ৰিয়ংকা ৷ প্ৰিয়ংকাৰ স্বামী অনিল বেলদাৰ কৰ্মসূত্ৰে ছোনিপতত থাকে ৷ তেওঁৰ পত্নীয়ে শহুৰেক আৰু শাহুৱেকৰ লগত গানোৰীত বাস কৰে ৷ অনিলে প্ৰায়েই পত্নীক তেওঁৰ লগত ছোনিপতলৈ লৈ যাবলৈ ইচ্ছা কৰে। কিন্তু পত্নীয়ে অনিল বেলদাৰ লগত যাবলৈ অমান্তি হয় আৰু দুয়োৰে মাজত কাজিয়া হয় । প্ৰায় এই কথাত লৈ দুয়োৰে মাজত কাজিয়া হয় । এই বিষয়ক লৈ বহুবাৰ পত্নী প্ৰিয়ংকা মাতৃগৃহলৈ গৈছিল(Husband Killed Wife and Slept with Her Dead Body in Gorakhpur) ।
মঙলবাৰে অনিলে ছোনিপতৰ পৰা ঘৰলৈ আহিছিল ৷ ঘৰলৈ আহিয়েই পুনৰ দুয়োৰে মাজত একেটা কথাক লৈ কাজিয়া হৈছিল ৷ কাজিয়া লাগি স্বামী-স্ত্ৰী নিজ কোঠালৈ সোমাই যায় ৷ তাৰ পিচৰে পৰা প্ৰিয়ংকাৰ কোনোধৰণৰ মাত শুনা নাছিল অনিলৰ পিতৃয়ে ৷ নিশা অনিলৰ পিতৃয়ে অনিল আৰু প্ৰিয়ংকাক ভাত খাবলৈ মাতিবলৈ আহোঁতে অনিলে গালি পাৰিছিল পিতৃক ৷
বুধবাৰে পুৱা শুই উঠি শহুৰেকে বোৱাৰীয়েকক নেদেখাত সন্দেহ উপজে আৰু স্থানীয় আৰক্ষীক খবৰ ৷
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত পত্নীৰ কাষত স্বামীক শুই থকা দেখা পাই হতবাক হয় ৷
ইফালে এই ঘটনাৰ পিচতে প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে অনিলৰ বিৰুদ্ধে যৌতুকৰ দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে অনিলক ৷