Youth Arrested On Suspicion of Having Linkman With Ulfa I : আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত গ্ৰেপ্তাৰ এজন যুৱক
যোৰহাট, ২১ডিচেম্বৰ : যোৰহাটত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন । বুধবাৰে যোৰহাটত আলফা(স্বাঃ) ৰে যোগসূত্ৰ ৰখাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে ।জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম জুমন বৰা(youth Arrested in Jorhat On Suspicion of having links with ulfa i) ।
উল্লেখ্য যে, ১৪ডিচেম্বৰ সন্ধিয়াই যোৰহাটৰ লিচুবাৰীস্থিত সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণৰ কৰিছিল । তাৰ পিছতে এই ঘটনা সন্দৰ্ভত NIA য়ে আৰম্ভ কৰিছিল তদন্ত । বাইকত অহা আলফা স্বাধীনৰ দুই কেডাৰে গ্ৰেণেড বিস্ফোৰণ কৰাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয় ৷ তদন্ত বুধবাৰে যোৰহাট আৰক্ষীয়ে আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে(Youth Arrested On Suspicion of Having Linkman With Ulfa i) ।
জুমনে সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে বহুকেইটা বিৰ্তকিত পোষ্ট দিছিল। যোৰহাটৰ বিস্ফোৰণৰ ঘটনাৰ পিছতো যোৰহাট আৰক্ষীক সমালোচনা কৰি জুমন বৰাই সামাজিক মাধ্যমত পোষ্ট দিছিল। ইয়াৰ পূৰ্বেও জুমনক যোৰহাট আৰক্ষীয়ে কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল।জানিব পৰা মতে, কিছুদিন পূৰ্বে তিনিচুকীয়াত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত জুমন গুলীবিদ্ধ হৈছিল(jorhat police Arrested Juman Bora on suspicion of Ulfa linkman)।

ইতিমধ্যে আৰক্ষীয়ে জুমন বৰাক গ্ৰেপ্তাৰ কৰি লিচুবাৰী সেনা শিৱিৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ সৈতে জুমন বৰাই জানিছিল নেকি তথা জুমন জড়িত আছিল নেকি সকলো বিৱৰি আৰক্ষীয়ে তেওঁক জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷