Wild Elephant Menace : বন্যহস্তীৰ উপদ্ৰৱ; বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Biswanath )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।
এইবাৰ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথত বনৰীয়া হাতীৰ সন্ত্ৰাস । মঙ্গলবাৰে নিশা বিশ্বনাথত ২ নং বালিপুখুৰীত এটা বন্যহস্তীয়ে সন্ত্ৰাস চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে লগতে বন্যহস্তীটোৱে কেইবাগৰাকী দৰিদ্ৰ কৃষকৰ ধান খায় তহিলং কৰে ৷
জানিব পৰা মতে, বিশ্বনাথত ২ নং বালিপুখুৰীত মঙলবাৰে নিশা প্ৰায় দুইমান বজাত এটা বনৰীয়া হাতীয়ে আহি ৰামেশ্বৰ গোৱালা,অম্বিকা দেৱী,দীপক গোৱালা,সুৰজ গোৱালা,জিয়াবুৰ ৰহমান,দীপ গোৱালাৰ ঘৰ ভঙাৰ লগতে, চামুদ্দিন আলীৰ ঘৰৰ কেইবামোন ধান খাই অনিষ্ট কৰে ৷
উল্লেখ্য যে, উক্ত অঞ্চলসমূহত পূৰ্বেৰেই পৰাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বৰ্তমানলৈকে বন বিভাগৰ লোক উপস্থিত হয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে,বন্যহস্তীৰ এই উপদ্ৰৱত কথমপি পৰিয়াল কেইটাৰ সদস্যসকলৰ প্ৰাণ ৰক্ষা পৰে যদিও ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষতিসাধন কৰে ৷স্থানীয় ৰাইজৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী জনাই যে ক্ষতিগ্ৰস্ত এই দৰিদ্ৰ পৰিয়ালকেইটিক উচিত ক্ষতিপূৰণ দি উপকৃত কৰিব লাগে ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।