9-year-old raped, killed in Delhi : প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্য়া; ৫২ বছৰীয়া নৰপিশাচৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া শিশু
নেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰ : প্ৰথমে নাবালিকাক ধৰ্ষণ আৰু তাৰ পিছত হত্য়া ।
দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ । নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে অপৰাধজনিত ঘটনাই(9-year-old raped, killed in Delhi)।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(DCW takes suo moto cognisance in case of kidnapping, raping, and killing)।
গাৰ নোম শিয়ৰি উঠা এক ঘটনা। মানুহ কিমান জঘন্য হব পাৰে তাৰে আন এক উদাহৰণ। পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা। ।
বিগত কেইবাদিন ধৰি দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি দেশত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে (Minor Gang Raped)।
বিকৃত যৌন মানসিকতাৰ চিকাৰ হৈছে শিশু । গাৰ নোম শিয়ৰি উঠা আন এক ঘটনা । পুনৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত হৈছে এক জঘন্য ঘটনা । ৰাজধানী চহৰ দিল্লীত পুনৰ এগৰাকী নাবালিকাক বলাৎকাৰ কৰি নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে(9-year-old raped, killed in Delhi, body dumped in canal)।
এইবাৰ ঘটনাৰ স্থান দিল্লীৰ স্বৰূপ নগৰ।
ঘটনা অনুসৰি,দিল্লীৰ স্বৰূপ নগৰৰ অঞ্চলটোৰ এগৰাকী ৯ বছৰীয়া শিশু যোৱা ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু ইয়াৰ পাছতে অনুসন্ধান আৰম্ভ কৰিছিল, অনুসন্ধানত এজন ৫২ বছৰীয়া ব্যক্তিৰ বাহনত ১২ ডিচেম্বৰৰ দিনটোতে দেখা গৈছিল ভুক্তভোগী নাবালিকাগৰাকীক।
ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰত অভিযুক্তজনে আৰক্ষীৰ সন্মুখত নাবালিকাগৰাকীক অপহৰণ কৰি বলাৎকাৰ কৰাৰ লগতে হত্যা কৰা বুলিও স্বীকাৰ কৰিছে।
জানিব পৰা মতে নাবালিকাৰ গৰাকীৰ পিতৃ-মাতৃ এটা ফেক্টৰীৰ শ্ৰমিক হিচাপে কৰ্মৰত।
আৰক্ষীৰ ভাষ্য অনুসৰি, নাবালিকাগৰাকীৰ মৃতদেহ তেওঁ এটা খালত পেলাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ স্বীকাৰুক্তিৰ ভিত্তিত মৃতদেহৰ সন্ধানত অভিযান চলাই আছে যদিও এই পৰ্যন্ত সেই মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই।
ইফালে অপৰাধ স্বীকাৰ কৰা বলাৎকাৰী, হত্যাকাৰীৰ বিৰুদ্ধে আই পি চি আৰু পকচো আইনৰ ৩৬৪, ৩০২ আৰু ২০১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।