Health Benefits of Sunlight : শীতকালত আপোনাৰ ৰ’দৰ বহাৰ অভ্যাস আছে নেকি ?যদি নাই তেন্তে এই অভ্যাস গঢ়ি তোলাক
শীতকালত আপোনাৰ ৰ’দৰ বহাৰ অভ্যাস আছে নেকি । যদি নাই তেন্তে এই অভ্যাস গঢ়ি তোলাক কাৰণ ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী( Health Benefits of Sunlight) ।
শীতকাল মানুহে ৰ’দত বহি ভাল পায়,পুৱাৰ ৰ’দত প্ৰায়ে মানুহে বহে । কিন্তু কিছুমান লোকে ৰ’দত বহি একেবাৰে ভাল নাপায়।
কিন্তু শীতকালত ৰ’দত বহিলে আমাৰ স্বাস্থ্য কিছুমান ভিটামিন প্ৰদান কৰে । যদি আপুনি শীতকালত ১০ মিনিট হ’লেও ৰ’দৰ তাপ লয় তেন্তে আপোনাৰ শৰীৰৰ পৰা ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰে
জানো আহক শীতকালত ৰ’দৰ উপকাৰিতাৰ বিষয়ে(What are the Health Benefits of Sunlight)
ছালৰ বাবে উপকাৰী
শীতকালৰ সূৰ্যৰ তাপ আমাৰ ছালৰ বাবে অতি উপকাৰী । শীতকালত সূৰ্যৰ তাপ ল’লে মুখখনো উজ্বল হয় । সূৰ্যৰ তাপত এন্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে ব্ৰণ দূৰ কৰাত সহায় কৰে ।
ভিটামিন ডিৰ অভাৱ দূৰ হয়
শীতকালৰ তীব্ৰ ঠাণ্ডাত সূৰ্যৰ তাপৰ অতি প্ৰয়োজন হয় ৷ ঠাণ্ডাৰ বাবে বহুতে কম্বলৰ পৰাও ওলাই নাহে আৰু সূৰ্যৰ তাপ নোলোৱাৰ বাবে ভিটামিন ডিৰ অভাৱ হয় ৷ যদি আমি শীতকালত ১০ মিনিটৰ বাবে হ’লেও ৰ’দৰ তাপ লও তেন্তে আমাৰ শৰীৰৰ পৰা ভিটামিন ডি ৰ অভাৱ দূৰ হ’ব ।
মেজাজ ভালে থাকে
ৰ’দত বহিলে খুব সুখী অনুভৱ হয় আৰু ইয়াৰ ফলত শৰীৰৰ পৰা ভাগৰুৱা ভাবো দূৰ হয় ৷ যদি টোপনিৰ সমস্যাৰ আছে আৰু ইয়াক লৈ আপুনি চিন্তিত তেন্তে আপুনি ৰ’দত বহিব লাগে আৰু যেতিয়া আপুনি শুবলৈ যাব তেতিয়া আপুনি বহুত ভাল টোপনি গ্ৰহণ কৰিব পাৰিব ৷
ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো ই অতি উপকাৰী, সেয়েহে দৈনিক সূৰ্যৰ তাপ ল’ব লাগে, ই আপোনাক কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰিব পাৰে আৰু লগতে আন বহু ৰোগৰ পৰাও সকাহ দিব পাৰে ৷
হতাশা দূৰ হয়
১০ মিনিটৰ বাবেও ৰ’দত বহিলে হতাশা দূৰ হয় ৷ শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লেও ৰ’দত বহিব লাগে ৷ সূৰ্যৰ তাপ এই ক্ষেত্ৰত অতি উপকাৰী, গতিকে ইয়াক গ্ৰহণ কৰিব লাগে ৷
ওজন হ্ৰাস কৰাত সহায় কৰে
সূৰ্যৰ তাপ হৈছে ওজন নিয়ন্ত্ৰণত ৰখাৰ এক স্বাভাৱিক উপায় । ব্যায়ামৰ লগতে সূৰ্যৰ তাপ গ্ৰহণ কৰিলে শৰীৰৰ ওজন কমোৱাত সহায় হয় কাৰণ ই আমাৰ কেলৰি বাৰ্নিং কৰাতো সহায় কৰে ।