Assam Rifles rescues two abducted civilians : আছাম ৰাইফলছ সফল অভিযান; উদ্ধাৰ অপহৃত দুই সাধাৰণ নাগৰিক

নিউজ ডেস্ক,, ১৮ ডিচেম্বৰ : আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ নাগালেণ্ডৰ মন জিলাত যৌথ অভিযান । অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু এটা এম-১৬ ৰাইফল আৰু তিনিটা পিষ্টল জব্দ লগতে জব্দকৃত স্থানৰ পৰা উদ্ধাৰ কৰে অপহৰিত দুই ব্যক্তিক ( Assam Rifles rescues two abducted civilians)
দেওবাৰে আছাম ৰাইফলছে এক বিবৃতিত কয় যে ম্যানমাৰৰ এন এছ চি এন-কে গোটৰ কেডাৰে নাগালেণ্ডৰ মন জিলাত অপহৰণ কৰা দুজন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰে ।
জানিব পৰা মতে, ১৫ ডিচেম্বৰৰ নিশা য়ান্যু গাঁৱত সংঘটিত হৈছিল এক অপহৰণ ঘটনা ।
এই ঘটনা সম্পৰ্কে অসম ৰাইফলছৰ পি আৰ অ’ই কয় যে, ‘নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছে এক অভিযান চলাই অভিযানত ম্যানমাৰৰ এন এছ চি এন-কে ৰ অস্ত্ৰধাৰী কেডাৰে অপহৰণ কৰা দুজন যুৱকক উদ্ধাৰ কৰে ।
লগতে অসম ৰাইফলছে বিবৃতিত কয় যে , অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে, য’ত দলটোৱে ৱেটিং ভিলেজৰ সমীপৰ এখন জংঘলত কেডাৰসকলক আটক কৰে( Two Youths Kidnapped By Myanmar-Based Militants Rescued After Gunfight)।
” এই অভিযানৰ অন্তত অপহৃত ব্যক্তি দুজনৰ লগতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু এটা এম-১৬ ৰাইফল আৰু তিনিটা পিষ্টলকে ধৰি বহু সামগ্ৰী এৰি পলায়ন কৰে । এই অভিযানত এজন অসামৰিক গাইডকো আটক কৰা হয়।” ,
উল্লেখ্য যে আটকাধীন জোৱান, উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য ষ্ট’ৰসমূহ নাগালেণ্ড আৰক্ষীক গতাই দিয়ে।