Local, Vocal, Global

Parliament security breach conspiracy will become clear soon : সংসদৰ নিৰাপত্তা উলংঘনৰ ষড়যন্ত্ৰ সোনকালেই স্পষ্ট হ’ব- কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ । সংসদৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা বেগুসৰাইৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীৰ(“Parliament security breach conspiracy will become clear soon” says Union Minister Giriraj Singh)।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি বেগুসৰাইৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে তদন্তৰ পিছত সত্য ওলাই পৰিব । তেওঁ এই ঘটনাক কৃষকৰ প্ৰতিবাদৰ সৈতে তুলনা কৰি কয় যে এটা দল এই নিৰাপত্তা উলংঘনত জড়িত আছে ।

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয়, “এইজনেই সেইজন ৰাহুল গান্ধী যিয়ে আফজল গুৰুক ফাঁচি দিয়াৰ সময়ত জেএনইউ ভ্ৰমণ কৰিছিল । এওঁ সেই একেজন কংগ্ৰেছ নেতা, যিয়ে কৃষকৰ প্ৰতিবাদৰ সময়ত ভাষণ দি আছিল । ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক সঘনাই গালি-গালাজ কৰাৰ পিছত দেশবাসীক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে । সংসদৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত কৰা হৈছে আৰু ষড়যন্ত্ৰটো স্পষ্ট হ’ব । কৃষকৰ প্ৰতিবাদৰ সময়ত ষড়যন্ত্ৰ সৃষ্টিকৰাসকল যেনেদৰে উন্মোচিত হৈছিল, সেইদৰেই সাধাৰণ ৰাইজৰ আগত এই সত্যও প্ৰকাশ কৰা হ’ব ।”তেওঁ লগতে নীতিশ কুমাৰ চৰকাৰকো তীব্ৰ আক্ৰমণ কৰি কয় যে ৰাজ্যখনত কোনো আইন-শৃংখলা পৰিস্থিতি বিৰাজ কৰি থকা নাই আৰু হিন্দুসকলৰ বিশ্বাসক হালাল মাংস খুৱাই ভংগ কৰা হৈছে(“Parliament security breach conspiracy will become clear soon” says Union Minister Giriraj Singh) ।

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে লগতে কয়, “সনাতন ধৰ্মত যুগ যুগ ধৰি ‘বলি প্ৰথা’ (পশু বলি) আছে । মই কৈছোঁ যে মই মোৰ মুছলমান ভাতৃসকলক সন্মান কৰোঁ । তেওঁলোক তেওঁলোকৰ ধৰ্মৰ প্ৰতি ইমান প্ৰতিশ্ৰুতিবদ্ধ যে তেওঁলোকে কেৱল হালাল মাংস খায় । আপোনালোকৰ ধৰ্মৰ সুৰক্ষা আৰু সন্মান ৰক্ষাৰ বাবে, মই মোৰ হিন্দু ভাতৃসকলক হালাল মাংস খোৱা বন্ধ কৰিবলৈ আৰু তাৰ সলনি কেৱল ঝাটকা মাংস খাবলৈ অনুৰোধ জনাইছোঁ । হিন্দুসকলক হালাল মাংস খুৱাই তেওঁলোকৰ ৰীতি-নীতি কলুষিত কৰা হৈছে(‘Parliament security breach conspiracy will become clear soon’ says Giriraj Singh) ।”

তেওঁ লগতে কয় যে অপৰাধীসকল শাসনত আছে, কিন্তু বিহাৰ চৰকাৰ আৰু আৰজেডিয়ে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰাখিবলৈ সক্ষম হোৱা নাই । “পথৰ কাষত গৰু বলি দিয়া হৈছে আৰু হালাল মাংস ৰন্ধা হৈছে । যাৰ ফলত হিন্দুসকলৰ শুদ্ধতা আৰু ৰীতি-নীতি প্ৰভাৱিত হৈছে । হালাল মাংসৰ বাবে পৃথক কচাইখানা থাকিব লাগে ।” তেওঁ লগতে কয় ।তেওঁ লগতে ইণ্ডিয়া ব্লকক সমালোচনা কৰি কয় যে যদি ইণ্ডি মিত্ৰজোঁটৰ কাৰোবাৰ সাহস আছে, তেন্তে অনুগ্ৰহ কৰি বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যুঁজ দিয়ক । “ইণ্ডি মিত্ৰজোঁটে তেওঁলোকৰ অপৰাধ লুকুৱাবলৈ চকুত ধূলি মাৰি আছে । সেয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হওক বা আৰজেডিৰ আন যিকোনো নেতাই হওক । মই নীতিশ কুমাৰক বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যুঁজ দিবলৈ প্ৰত্যাহ্বান জনাইছোঁ ।” তেওঁ লগতে কয়(“Parliament security breach conspiracy will become clear soon” says Union Minister Giriraj Singh) ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে ৰাহুল গান্ধীয়ে সংসদৰ নিৰাপত্তা উলংঘনক ‘নিবনুৱা’ আৰু ‘মুদ্ৰাস্ফীতি’ৰ বাবে দায়ী কৰে আৰু ইয়াক বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ নীতিৰ সৈতে সংযুক্ত কৰে । সাংবাদিকৰ সৈতে বাৰ্তালাপত কংগ্ৰেছৰ লোকসভাৰ সাংসদগৰাকীয়ে কয়, “এনে (নিৰাপত্তা উলংঘন) কিয় হৈছিল ? দেশৰ মূল বিষয়টো হ’ল নিবনুৱা । প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বাবে দেশৰ যুৱপ্ৰজন্মই চাকৰি লাভ কৰা নাই । মই বিশ্বাস কৰোঁ যে এই ঘটনাটো নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ প্ৰত্যক্ষ পৰিণাম আছিল ।”উল্লেখ্য, ২০০১ চনত সংসদৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই ১৩ ডিচেম্বৰত দেশত আতংকৰ সৃষ্টি কৰি সংসদৰ ভিতৰৰ দৰ্শকৰ গেলেৰীৰ পৰা দুজন লোকে লোকসভাৰ মজিয়ালৈ জাঁপ দিয়ে আৰু সংসদৰ ভিতৰত ৰঙীন ধোঁৱা নিক্ষেপ কৰে ।

লগতে পঢ়ক : Road Accident in Dhansiri : থাৰ বাহন সৈতে জিপচীৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৪জন, আহত ৪জন