Local, Vocal, Global

APSC Scam : CIDৰ কাৰ্যালয়ত মাৰাথন জেৰা বিতৰ্কিত APS বিষয়া ৰুমিৰ তিমুংপিক

নিউজ ডেস্ক, ১৮ডিচেম্বৰ : SITৰ সন্মুখত হাজিৰ APSC ৰুমী তিমুংপী। CIDৰ কাৰ্যালয়ত মাৰাথন জেৰা বিতৰ্কিত APS বিষয়াগৰাকীক ।

সোমবাৰে পুৱাই CIDৰ ৰ কাৰ্যালয়ত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপি ।

অব্যাহত APSC কেলেংকাৰিৰ তদন্ত । এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ (APSC Scam)। উল্লেখ্য যে, ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে । জেৰা চলাই আছে কেইবাৰগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ।

উল্লেখ্য যে, বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা চাকৰি লৈছিল ৰুমী তিমুংপীয়ে। এই সন্দৰ্ভত SIT-এ বিষয়াগৰাকীলৈ জাৰি কৰিছে চমন। চমন জাৰি কৰাৰ পিচতে আজি SIT ৰ সন্মুখত হাজিৰ হয় ৰুমিৰ তিমুংপি ।ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপিক নিলম্বন কৰিছে গৃহ বিভাগে ।

জানিব পৰা মতে, মূল পৰীক্ষাত ফেইল কৰা প্ৰাৰ্থী ৰুমিৰ তিমুংপিক মুঠ ৪ খন উত্তৰ বহীৰ বিপৰীতে ৫০ নম্বৰকৈ ২০০ নম্বৰ বৃদ্ধি কৰি বাছনি কৰা হৈছিল । বৃহৎ অংকৰ ধনৰ বিনিময়ত ৰাকেশ পালৰ পৰা ৰাজপত্ৰিত বিষয়াৰ পদ ক্ৰয় কৰিছিল ৰুমিৰ তিমুংপি তথা পৰিয়ালে(APSC cash for job scam) ।

আটাইকেইখন কাকততে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ ৰাজপত্ৰিত বিষয়া ৰুমী তিমুংপীৰ বিৰুদ্ধে। ৫০ ৰ পৰা ১০০ পৰ্যন্ত নম্বৰ বৃদ্ধি। ৰাকেশ পালক টকা দি নম্বৰ লৈছিল ৰুমীয়ে((APSC cash for job scam))।ৰাকেশ পালৰ কৃপাতে APSC পৰীক্ষাত অনুতীৰ্ণ হোৱা ৰুমী হৈছিল APS বিষয়া। কাট এফ নম্বৰতকৈ বহু কম নম্বৰ কম পাইছিল তেওঁ। যাৰ বাবে ৰাকেশ পালে প্ৰতিখন বিষয়ত ৫০ ৰ পৰা ১০০ নম্বৰ বৃদ্ধি কৰি দিছিল। মুঠ ২০০ নম্বৰ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে।বৰ্তমানলৈ APSC কেলেংকাৰীত বহু কেইগৰাকী ৰাজপত্ৰিতা বিষয়া গ্ৰেপ্তাৰ হৈছে। এতিয়াও অব্যাহত আছে ইয়াৰ তদন্ত।

লগতে পঢ়ক : APSC Scam : এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ ; SIT-এ ৰুমী তিমুংপীলৈ জাৰি কৰিছে চমন