Which Food is Best for Breakfast to Lose Weight : ওজন বৃদ্ধিৰ বাবে আপুনি সমস্যাত ভুগিছে নেকি? এই অভ্যাসে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব
শৰীৰৰ ওজন বৃদ্ধিয়ে সকলোৰে এক ডাঙৰ সমস্যা। প্ৰথমে কাপোৰবোৰ পিন্ধানত সমস্যা হ’বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত স্বাস্থ্য সম্পৰ্কীয় সমস্যা হয়। কিন্তু ওজন হ্ৰাস কৰাৰ বাবে জিম, যোগ বা ব্যায়াম কৰিবলৈ কম সময় থাকে। বিশেষকৈ কৰ্মৰত লোকসকলে ওজন হ্ৰাসৰ বাবে সময় উলিয়াবলৈ অসুবিধা পায়। কিন্তু, যদি কিছুমান গুৰুত্বপূৰ্ণ বস্তুৰ যত্ন লোৱা হয়, তেনেহ’লে ওজন ক্ৰমান্বয়ে হ্ৰাস কৰিব পাৰি(which food is best for breakfast to lose weight) ।
ভাৰতত সুস্বাদু খাদ্য তথা এই খাদ্যক ভাল পোৱা লোক হয়তো খুব কমেই হ’ব ৷ এই অভ্যাসে আমাক ক্ৰমান্বয়ে মেদবহুলতালৈ ৰূপান্তৰিত কৰে ৷ এবাৰ পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হ’লে ইয়াক হ্ৰাস কৰাটো পাহাৰ ভঙাৰ দৰে কঠিন হৈ পৰে ৷
কিছুমান লোকে ওজন কমাবলৈ খাদ্য-পানীয় সেৱন কমাই দিয়ে যদিও ইয়াৰ ফলত শৰীৰত দুৰ্বলতা দেখা যায় ৷ এনে পৰিস্থিতিত খাদ্যৰ পৰিমাণ কমাই দিয়াৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ বিকল্প বাছি লোৱাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ চিকিৎসকে এই সন্দৰ্ভত কয় যে, যদি আমি ব্ৰেকফাষ্টত কিছুমান বিশেষ খাদ্য খাওঁ তেন্তে আমাৰ ওজন দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে ৷
ব্ৰেকফাষ্টত এই খাদ্য গ্ৰহণ কৰিলে হ্ৰাস হ’ব ওজন(Healthy breakfast recipes to lose weight)
১) ওটচ
ওটচক এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, ইয়াৰ সহায়ত ই আপোনাৰ বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাই নহয়, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ প্ৰতিদিনে পুৱা ওটচ খালে শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নহয় আৰু ওজনো নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
২) বহু শস্যযুক্ত আটাৰ ৰুটি বা ব্ৰেড
যদি আপুনি পুৱা ঘেঁহুৰ আটাৰ ৰুটি বা বগা ৰুটি খাই আছে, তেন্তে এই অভ্যাস তৎক্ষণাত সলনি কৰক৷ ইয়াৰ পৰিৱৰ্তে আপুনি বিভিন্ন শস্যৰে তৈয়াৰী অৰ্থাৎ মাল্টিগ্ৰেইন ৰুটি বা ব্ৰেড গ্ৰহণ কৰিব পাৰে ৷ মাল্টিগ্ৰেইন ব্ৰেড বা ইয়াৰ পৰা তৈয়াৰী ৰুটি অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় যি ওজন হ্ৰাস কৰাত ফলপ্ৰসূ আৰু যদি আপুনি নিয়মিতভাৱে ইয়াক গ্ৰহণ কৰে তেন্তে আপোনাৰ ফিটনেছ অটুত থাকে ৷
৩) দালিয়া
দালিয়াক সদায় স্বাস্থ্যকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে, ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে ৷ শাক-পাচলি বা গাখীৰৰ লগত মিহলাই দালিয়া খাব পাৰে ৷ ইয়াক আঁহ, খনিজ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেটৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিহেতু ই সহজে হজম হয়, সেয়েহে ই ওজন বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে ৷
৪) খালী পেটত পানী খাব
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত পানী খোৱাটো লাভজনক। ৰাতিপুৱা যিকোনো বস্তু খোৱাৰ কমেও আধা ঘণ্টা আগতে গৰম পানী খাব। গৰম পানী ওজন হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।