Nine killed in blast at explosives company : সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীৰ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; নিহত ৯জন
নেশ্যনেল ডেস্ক, ১৭ডিচেম্বৰ : সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীৰ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । বিস্ফোৰণৰ ফলত নিহত ৯জনকৈ লোক (Nine killed in blast at explosives company )।
দেওবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ।মহাৰাষ্ট্ৰৰ নাগপুৰৰ বজাৰগাঁও গাঁওস্থিত সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীৰ প্ৰকল্পত বিস্ফোৰণৰ ঘটনা(Nine killed in blast at explosives company in Nagpur) ৷
জানিব পৰা মতে, সৌৰ বিস্ফোৰক কোম্পানীৰ কাষ্ট বুষ্টাৰ প্ৰকল্পত পেকিং কৰাৰ সময়তে এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় । এই বিস্ফোৰণৰ ঘটনাটো ইমানে ভয়ংকৰ আছিল যে এই ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
আৰক্ষীয়ে জনোৱা অনুসৰি,এই বিস্ফোৰণৰ ঘটনাটো দেওবাৰে পুৱা প্ৰায় ৯ বজাত বজাৰগাঁও অঞ্চলৰ সৌৰ উদ্যোগৰ এটা কাষ্ট বুষ্টাৰ গোটত এই বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত ফলত ৯জন লোক নিহত হয় । নিহত লোককেইজন ক্ৰমে যুৱৰাজ কিষাণজী ঘাৰোডে, ওমেশ্বৰ কিষাণলাল মাচ্চিৰ্কে, মিতা প্ৰমোদ উইকে, আৰতি নীলাকান্ত চাহৰে, শ্বেতালী দামোদৰ মাৰ্বাটে, পুষ্পা শ্ৰীৰামজী মন্পুৰে, ভাগ্যশ্ৰী সুধাকৰ লোটানে, ৰুমিতা বিলাস, উইকে আৰু মচম ৰাজকুমাৰ পাটলে বুলি চিনাক্ত কৰা হৈছে। মৃতসকলৰ ভিতৰত ২ জন ৱাৰ্ধাৰ, এজন চন্দ্ৰপুৰৰ, এজন অমৰাৱতীৰ আৰু পাঁচজন লোক নাগপুৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে(9 dead, several injured after blast at Nagpur factory) ৷
ইফালে এই ঘটনাৰ সম্পেৰ্কে সৌৰ কোম্পানীৰ জেনেৰেল মেনেজাৰ আশীষ শ্ৰীবাস্তৱে কয়, ‘‘কয়লা খনিৰ বাবে ব্যৱহাৰ কৰা বিস্ফোৰক সামগ্ৰীৰ মজুত ৰখা প্ৰকল্পত বিস্ফোৰণ হৈছে আৰু ইয়াৰ ফলত ৯ জন লোকৰ মৃত্যু হয় ৷’’
আনহাতে ৰাজ্য চৰকাৰে বিস্ফোৰণৰ ফলত নিহতহোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ বিস্ফোৰণৰ সময়ত কিমান জন শ্ৰমিকে প্ৰকল্পত কাম কৰি আছিল সেই বিষয়ে বৰ্তমানেও কোম্পানীটোৱে তথ্য প্ৰকাশ কৰা নাই ৷