Wild Elephant Menace : বন্যহস্তীৰ উপদ্ৰৱ; বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Rangajan)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild Elephant Menace) ।
ৰাজ্যৰ অন্ত প্ৰান্তৰ লগতে দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে কাজিৰঙাৰ ৰঙাজান,হাতীখুলি অঞ্চলৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ৷ নিশা হ’লেই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীটোৱে তহিলং কৰিছে পথাৰৰ ধান ৷খেতিপথাৰত উপদ্ৰপ চলোৱাৰ পাছত এইবাৰ হাতীটোৱে আতংকৰ সৃষ্টি কৰিছে চাহবাগিচাৰ লাইনত ৷ নিশা হাতীখুলি চাহবাগিচাৰ শ্ৰমিক আৱাস এলেকাত প্ৰৱেশ কৰি হাতীটোৱে কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, এটা বনৰীয়া হাতীয়ে অঞ্চলজুৰি সৃষ্টি কৰা উপদ্ৰৱৰ বাবে হাতীটোক খেদাৰ বন বিভাগক খবৰ দিয়ে যদিও এই ক্ষেত্ৰত বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে৷ সেয়ে ভুক্তভোগী ৰাইজে বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : Man Elephant conflict : তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজন লোকৰ