Local, Vocal, Global

IAS Sewali Devi Sharma’s Bail Plea Rejected : SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালি দেৱীৰ জামিন নাকচ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : ১০৫ কোটিটকীয়া কেলেংকাৰী । নাকচ কৰা হ’ল জামিন । SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত শেৱালি দেৱীৰ জামিন নাকচ ।বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন (IAS Sewali Devi Sharma’s Bail Plea Rejected)।

বৰ্তমানেও ১০৫ কোটি টকাৰ SCERT ৰ কেলেংকাৰীৰে জড়িত শেৱালি দেৱী শৰ্মা কেন্দ্ৰীয় কাৰাগাৰতে আছে । নিজৰ ঠিকাদাৰ জোঁৱায়েকৰ সৈতে মিলি এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰিছিল শেৱালী দেৱী শৰ্মাই তাৰ পিছতে সমগ্ৰ কেলেংকাৰীত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল SCERTৰ বহু বিষয়া-কৰ্মচাৰীৰ লগতে RTI কৰ্মী, সাংবাদিকো(IAS Sewali Devi Sharma’s bail plea declined in Guwahati court)।

উল্লেখ্য যে, শনিবাৰে বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন ৷ ২৮ জুলাইত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগ নামা দাখিল কৰিছিল । এই সমগ্ৰ কেলেংকাৰীত নাম সাঙুৰ খায় পৰিছিল সাংবাদিক আৰু RTI কৰ্মীৰ লগতে বহু লোকৰ । ইয়াৰে কেইবাজনেও ইতিমধ্যে জামিন লাভ কৰিছে।

লগতে পঢ়ক : NIA raids Jorhat blast site : যোৰহাটৰ লিচুবাৰীৰ ৪১ নং সেনা শিবিৰত উপস্থিত NIA ৰ দল