NIA raids Jorhat blast site : যোৰহাটৰ লিচুবাৰীৰ ৪১ নং সেনা শিবিৰত উপস্থিত NIA ৰ দল
যোৰহাট, ১৬ ডিচেম্বৰ : যোৰহাটৰ বিস্ফোৰণস্থলীত NIAৰ অভিযান ৷ NIAৰ এটা বিশেষ গোটে চলাইছে এই অভিযান । এইবাৰ NIAৰ দলে তদন্ত কৰিলে যোৰহাট বিস্ফোৰণৰ (NIA raids Jorhat blast site)।
বৃহস্পতিবাৰে যোৰহাটৰ সেনা ছাউনীৰ কাষত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণটোৰ শব্দৰ প্ৰাবল্য বহু বেছি আছিল কিন্তু বিস্ফোৰণস্থলীত বিস্ফোৰণৰ ফলত কোনো বিশেষ ক্ষয় ক্ষতি হোৱা নাছিল।এই ঘটনাটো বৃহস্পতিবাৰে যোৰহাটত সেনা শিবিৰৰ সমীপত নিশা প্ৰায় ৭ বাজি ২০ মিনিটত সংঘটিত হৈছিল।
এই বিস্ফোৰণৰ ঘটনাৰ উৎস বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে NIA ৰ দলে ।
উল্লেখ্য যে, উজনি অসমৰ তিনিটাকৈ স্থানত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ এই বোমা বিস্ফোৰণৰ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । উদয় হৈছিল বহু প্ৰশ্নৰ ৷
এই বোমা বিস্ফোৰণৰ ঘটনাকেইটাক গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ এই ঘটনাৰ তদন্ত ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া (NIA)ৰ হাতত অৰ্পণ কৰা হৈছে ৷
এই ঘটনাৰ তদন্ত কৰিবলৈ শনিবাৰে পুৱাৰ ভাগত NIA ৰ দল উপস্থিত হয় যোৰহাটৰ লিচুবাৰীৰ ৪১ নং সেনা শিবিৰত আৰু আৰম্ভ কৰে অভিযান ।
অৱশ্যে বৰ্তমানলৈ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই যোৰহাট জিলা প্ৰশাসনে ৷ ইফালে ভাৰতীয় সেনাই তেওঁলোকে ব্যর্থতা ঢাকিবৰ বাবে তথা সংবাদ মাধ্যমে যাতে ভিডিঅ’ সংগ্ৰহ কৰি বাতৰি সম্প্ৰচাৰ কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ সেনা চাউনিৰ সীমা কাপোৰে আৱৰি দিছে ৷
লগতে পঢ়ক : Assam Police in Touch with NIA on Blasts : যোৰহাট সেনা ছাউনীৰ ভয়ংকৰ বিস্ফোৰণ তদন্ত কৰিব NIA ই