Local, Vocal, Global

Illegal Saw Mills Raids : অবৈধ কাঠমিলৰ বিৰুদ্ধে তামুলপুৰত বন বিভাগৰ অভিযান

গোৰেশ্বৰ, ১৬ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ কামৰ ৰমৰমীয়া বেহা । দিনে-নিশাই ৰাজ্যত অব্যাহত অবৈধ বেহা(Raid Against Illegal Saw Mills) ।

তামুলপুৰত অবৈধ কাঠমিলৰ বেহা । অবৈধ কাঠমিলৰ বিৰুদ্ধে তামুলপুৰত বন বিভাগ, এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযান।

বন বিভাগ, এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ দুটাকৈ অবৈধ কাঠ ফলা মেছিন সহ বহু মূল্যবান গছৰ কুণ্ডা( Illegal Saw Mills Raids)।

জানিব পৰা মতে, কুমাৰীকাটা বন বিভাগৰ নেতৃত্বত চলিছে এই অভিযান।

উল্লেখ্য যে, শুকুবাৰে পুৱা প্ৰথমটো অভিযান বন বিভাগ আৰু এছ এছ বি য়ে অহিয়াবাৰীত চলাইচিল ইয়াৰে সমান্তৰালভাৱে দ্বিতীয়টো অভিযান তামুলপুৰৰ গুৱালবিলত তামুলপুৰ আৰক্ষী আৰু বন বিভাগে চলাইছিল।

বন বিভাগে জানিবলৈ দিয়া অনুসৰি, যৌথ অভিযানত তামুলপুৰৰ অহিয়াবাৰী আৰু গুৱালবিলত জব্দ কৰিছে দুটাকৈ অবৈধ কাঠ ফলা মেচিন। মেচিনৰ কাষতে উদ্বাৰ হৈছে বহু মূল্যবান গছৰ কুণ্ডা। জব্দকৃত মেচিনৰ সামগ্ৰী আৰু গছৰ কুণ্ডা সমূহৰ মূল্য আনুমানিক ৬ লক্ষাধিক টকাৰ হব হব বুলি ইতিমধ্যে ।

ইতিমধ্যে জব্দকৃত কাঠফলা মেচিন,সা-সঁজুলিৰ লগতে গছৰ কুণ্ডা সমূহ বন বিভাগৰ লোকে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত লৈ যায় ।

লগতে পঢ়ক : ULFA-I Issues Bold Challenge To DGP GP Singh: DGP জি পি সিঙৰ প্ৰত্যাহ্বান দুই চৰ্ত সাপেক্ষে গ্ৰহণ আলফা স্বাধীনৰ