Gold smuggling foiled in Shillong : শ্বিলঙত জব্দ ১.৪২ কোটি টকাৰ সোণ
নিউজ ডেস্ক,১৬ ডিচেম্বৰ : শ্বিলঙত জব্দ বৃহৎ পৰিমাণৰ সোণ । জব্দ ১.৪২ কোটি টকাৰ সোণ(State Officials Foil Gold Smuggling Attempt, Seize Rs 1.42 Crore Worth)
উল্লেখ্য যে, শ্বিলঙত অবৈধ সোণ সৰবৰাহৰ বিৰুদ্ধে চিচিপি শ্বিলঙৰ বিষয়াৰ অভিযান । চিচিপি শ্বিলঙৰ বিষয়াসকলৰ অভিযানত শ্বিলঙৰ বাহিৰৰ ডিয়েংপাছ’ত এখন মাৰুতি ইইচিঅ’ ভ্যান জব্দ কৰে(Shillong Customs Foils Gold Smuggling Attempt)।
জব্দকৃত বাহনখনৰ পৰা চোৰাং সোণ উদ্ধাৰ কৰে। জানিব পৰা মতে, বাহনখনৰ আসনৰ অতি চতুৰতাৰে লুকুৱাই আনিছিল সোণখিন । অতি নিখুঁতভাৱে মেৰিয়াই চাৰিটা বাণ্ডিলত পৰিপাটিকৈ ভৰাই আনিছিল । আৰক্ষীয়ে বাহনখনৰ পৰা প্ৰায় ২০টা সোণৰ টুকুৰা সফলতাৰে উদ্ধাৰ কৰে।আৰক্ষীয়ে উদ্ধাৰ কৰা সোণখিনিৰ ওজন ২৩৩১.৮২ গ্ৰাম আৰু ইয়াৰ যাৰ আনুমানিক মূল্য ১.৪২ কোটি টকা(Gold smuggling foiled in Shillong)।
চিচিপি শ্বিলঙৰ বিষয়াসকলে সোণসহ এজন লোকক গ্ৰেপ্তাৰ কৰে । বৰ্তমান ঘটনাসন্দৰ্ভত তদন্ত চলি আছে।
লগতে পঢ়ক : Ban on loudspeakers in religious and public places : মধ্য প্ৰদেশত ধৰ্মীয় স্থলত লাউড স্পীকাৰ নিষিদ্ধ