Local, Vocal, Global

Ban on loudspeakers in religious and public places : মধ্য প্ৰদেশত ধৰ্মীয় স্থলত লাউড স্পীকাৰ নিষিদ্ধ

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : ধৰ্মীয়স্থলীত নিষিদ্ধ লাউড স্পীকাৰ । মধ্য প্ৰদেশত নিষিদ্ধ ধৰ্মীয় স্থলত লাউড স্পীকাৰ(Ban on loudspeakers in religious and public places) ।

মোহন যাদৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে এই সিদ্ধান্ত (Mohan Yadav)।

বুধবাৰে মোহন যাদৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথমে এই নিৰ্দেশনা জাৰি কৰে(Madhya Pradesh Chief Minister’s big decision on loudspeakers at religious places) ।

নতুন মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, ধৰ্মীয় আৰু ৰাজহুৱা স্থানত লাউড স্পীকাৰ নিষেধ কৰা হৈছে । এই নিৰ্দেশৰ বাবে উচ্চতম ন্যায়ালয়ৰ গাইড লাইনৰ উদ্ধৃতি দিয়া হৈছে(Big decision on first day)।

উল্লেখযোগ্য যে,বুধবাৰে মুখ্যমন্ত্ৰী মোহন যাদৱে মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পিছতে ৰাজ্যখনত লাউড স্পীকাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

নিৰ্দেশনাত উল্লেখ কৰে যে , বিভিন্ন ধৰ্মীয় স্থলত নিৰ্ধাৰিত ডেচিবলৰ উলংঘন কৰি লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে । বিভিন্ন অনুষ্ঠানত কৰা লাউড স্পীকাৰৰ বাবে মানুহৰ কাম কৰাৰ ক্ষমতা আৰু টোপনিত ব্যাঘাত জন্মে। হুলস্থূলীয়া পৰিৱেশৰ বাবে হাই বিপি, মানসিক উত্তেজনা, অনিদ্ৰাৰ দৰে প্ৰভাৱ শৰীৰত পোৱা যায়। ইয়াৰ ফলত কাণৰ অন্তৰ্ভাগতো সমস্যা হয়(MP CM Mohan Yadav orders ban on loudspeakers at religious and public places)।’

লগতে নিৰ্দেশনাত লিখে যে লাউড স্পীকাৰ আৰু হৰ্ণৰ ক্ষেত্ৰত নিজা আৱাসতো ব্যৱহাৰক লৈ নীতি-নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এই সন্দৰ্ভত নিৰ্ণয়ৰ অধীনত জাৰি কৰা হৈছে(Madhya Pradesh Launches Takedown Of Unregulated Loudspeakers At Religious Places)।

লগতে পঢ়ক : Maoist killed in encounter with police : আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী,নিহত নক্সালবাদী