Local, Vocal, Global

Parliament Attack : লোকসভা সদনৰ ঘটনা সন্দৰ্ভত ৫জনক আটক

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বুধবাৰে লোকসভা সদনত ঘটিছিল এক অঘটন । গেলেৰীৰ পৰা অচিনাক্ত ব্যক্তিয়ে জপিয়াই সৃষ্টি কৰিছিল হূলস্থুলীয়া পৰিৱেশৰ । সদন ভৱনৰ ভিতৰত উৰুৱাইছিল হালধীয়া ধোঁৱা লগতে সদনৰ বাহিৰত দুইগৰাকী ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল(Parliament Attack) ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। লোকসভাৰ ভিতৰত এই পৰিস্থিতিৰ সূচনা কৰা লোক দুজন ক্ৰমে সাগৰ শৰ্মা আৰু মমোৰঞ্জন ডি। আনহাতে তেওঁলোকৰ আন দুজন সহযোগী যি, সদনৰ বাহিৰত প্ৰতিবাদত লিপ্ত হৈছিল তেওঁলোকক অমল সিন্দে আৰু নীলম বুলি চিনাক্ত কৰা হৈছে(5 detained after 2 intruders enter Lok Sabha with smoke canisters)।

লোকসভাৰ সদনত সংঘটিত হোৱা এনে ঘটনাৰ পিছতে গৃহ মন্ত্ৰণালয়ে এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে লগতে ইয়াৰ নেতৃত্ব প্ৰদান কৰে চি আৰ পি এফৰ মুৰব্বীক।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই কাৰ্যৰ সৈতে জড়িত আটাইকেইজনৰ বিৰুদ্ধে সদনত অনাধিকাৰ প্ৰৱেশ, অপৰাধমূলক ষড়যন্ত্ৰ, সংঘৰ্ষৰ সৃষ্টিত অৰিহণা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ অধীনত কেইবাটাও গোচৰ ৰুজু কৰে(6 Involved In Parliament Smoke Scare, 5 Arrested, 1 On The Run)।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, অভিযুক্ত পাঁচগৰাকীয়ে ইজনে সিজনক চাৰি বছৰ ধৰি চিনি পাইছিল আৰু কেইদিনমান পূৰ্বে এই পৰিকল্পনাটো প্ৰস্তুত কৰিছিল। অভিযুক্তসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ইজনে সিজনৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল আৰু বুধবাৰে সংসদলৈ অহাৰ পূৰ্বে এক পৰিকল্পনা কৰিছিল । সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে ২০০১ চনৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ দিনাখনেই সদনত পুনৰ এক এক ডাঙৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হয় । সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন ব্যক্তিয়ে শূন্যকালত দৰ্শকৰ গেলেৰীৰ পৰা লোকসভাৰ কক্ষত জঁপিয়াই পৰে আৰু কেনিষ্টাৰৰ পৰা হালধীয়া গেছ নিক্ষেপ কৰে। কিন্তু উপস্থিত সাংসদসকলে তেওঁলোকক দমন কৰাৰ পূৰ্বে দুয়োৱে বিভিন্ন শ্লোগান দিয়ে। আনহাতে, প্ৰায় একে সময়তে আন দুগৰাকী অভিযুক্ত অমল শিন্দে আৰু নীলম দেৱীয়েও সংসদ চৌহদত ‘তানাশাহী নহয় চলেগী’ বুলি চিঞৰি থকাৰ সময়ত কেনিষ্টাৰৰ পৰা ৰঙীন গেছ ছটিয়াই দিয়ে(Two people enter LS, open smoke canisters; 5 detained) ।

ইফালে এই ঘটনাৰ বাবে এতিয়াৰে পৰা সংসদ ভৱনত নতুন বাধা নিষেধ আৰোপ কৰা হ’ব। দৰ্শনাৰ্থীৰ গেলেৰী কাঁচেৰে ঘেৰি দিয়া হ’ব আৰু লুকুৱাই অনা বস্তু ধৰা পেলাবলৈ বডী স্কেনাৰ সংস্থাপন কৰা হ’ব। সাময়িকভাৱে সংসদত দৰ্শকৰ প্ৰৱেশ বন্ধ কৰা হৈছে। পুনৰ অনুমতি দিলে দৰ্শকৰ প্ৰৱেশৰ বাবে পৃথক গেটৰ ব্যৱস্থা থাকিব আৰু মূল গেটেৰে কেৱল সাংসদসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। এতিয়াৰে পৰা সংবাদ মাধ্যম আৰু কৰ্মচাৰীৰ বাবে সংসদত পৃথক প্ৰৱেশ পথ থাকিব। সংবাদমাধ্যমৰ বাবেও পৃথক স্থানৰ ব্যৱস্থা কৰা হ’ব। ইফালে, সাংসদ-মন্ত্ৰীৰ ব্যক্তিগত সহায়ক আৰু দেহৰক্ষীৰ সংসদৰ ভিতৰত চলাচলতো বাধা আৰোপ কৰা হৈছে।

লগতে পঢ়ক : Parliament Security Breach: লোকসভাৰ সুৰক্ষা ব্যৱস্থাত কৰা গাফিলতিৰ বাবে ৮ গৰাকীকৈ সুৰক্ষা কৰ্মীক নিলম্বন