Parliament Security Breach: লোকসভাৰ সুৰক্ষা ব্যৱস্থাত কৰা গাফিলতিৰ বাবে ৮ গৰাকীকৈ সুৰক্ষা কৰ্মীক নিলম্বন
নিউজ ডেস্ক,১৪ ডিচেম্বৰ : বুধবাৰে লোকসভা সদনত ঘটিছিল এক অঘটন(Parliament Security Breach) । গেলেৰীৰ পৰা অচিনাক্ত ব্যক্তিয়ে জপিয়াই সৃষ্টি কৰিছিল হূলস্থুলীয়া পৰিৱেশৰ । সদন ভৱনৰ ভিতৰত উৰুৱাইছিল হালধীয়া ধোঁৱা লগতে সদনৰ বাহিৰত দুইগৰাকী ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ১৩ ডিচেম্বৰ ২০২৩,বুধবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছতে লোকসভাৰ সচিবালয়ে ৮ গৰাকীকৈ সুৰক্ষা কৰ্মীৰ নিলম্বন কৰিছে।
জানিব পৰা মতে লোকসভাৰ সুৰক্ষা ব্যৱস্থাত কৰা গাফিলতিৰ বাবেই ৮ গৰাকীকৈ সুৰক্ষা কৰ্মীক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে(8 Lok Sabha security personnel suspended over lapses)।এই ৮ গৰাকী সুৰক্ষা কৰ্মী সংসদৰ প্ৰৱেশ দুৱাৰকে ধৰি বিভিন্ন স্থানত নিয়োজিত আছিল।
উল্লেখ্য যে, বুধবাৰে সংসদ ভৱনত সংঘটিত ঘটনাৰ বাবে উচ্চস্তৰীয় তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক কমিটী গঠন কৰিছে। CRPFৰ সঞ্চালক প্ৰধান অনিষ দয়াল সিঙৰ নেতৃত্বত কমিটীত আন সকলো নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়া আছে। সংসদ ভৱনৰ নিৰাপত্তাক লৈ PM মোদীয়ে অংশ অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, অনুৰাগ ঠাকুৰৰকে ধৰি মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী সকলে এই বৈঠকত অংশ লয়(8 personnel suspended from Lok Sabha for 13 December safety lapse)।
ইফালে এই ঘটনাৰ বাবে এতিয়াৰে পৰা সংসদ ভৱনত নতুন বাধা নিষেধ আৰোপ কৰা হ’ব। দৰ্শনাৰ্থীৰ গেলেৰী কাঁচেৰে ঘেৰি দিয়া হ’ব আৰু লুকুৱাই অনা বস্তু ধৰা পেলাবলৈ বডী স্কেনাৰ সংস্থাপন কৰা হ’ব। সাময়িকভাৱে সংসদত দৰ্শকৰ প্ৰৱেশ বন্ধ কৰা হৈছে। পুনৰ অনুমতি দিলে দৰ্শকৰ প্ৰৱেশৰ বাবে পৃথক গেটৰ ব্যৱস্থা থাকিব আৰু মূল গেটেৰে কেৱল সাংসদসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। এতিয়াৰে পৰা সংবাদ মাধ্যম আৰু কৰ্মচাৰীৰ বাবে সংসদত পৃথক প্ৰৱেশ পথ থাকিব। সংবাদমাধ্যমৰ বাবেও পৃথক স্থানৰ ব্যৱস্থা কৰা হ’ব। ইফালে, সাংসদ-মন্ত্ৰীৰ ব্যক্তিগত সহায়ক আৰু দেহৰক্ষীৰ সংসদৰ ভিতৰত চলাচলতো বাধা আৰোপ কৰা হৈছে।
লগতে পঢ়ক : Parliament Security Breach : লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে গেলাৰীৰ পৰা জাঁপ মাৰিলে যুৱকে