Three Found Dead on Railway Track : ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্যৰ
নিউজ ডেস্ক, ১৪ডিচেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত একেটা পৰিয়ালৰ ৩গৰাকীকৈ সদস্যৰ(Three Found Dead on Railway Track) ।
বঙাইগাঁও জিলাৰ নোৱাপাৰাত ভয়ংকৰ দুৰ্ঘটনা । বুধবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ নোৱাপাৰাত তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহক হয় ৩ গৰাকীকৈ মহিলাৰ৷
জানিব পৰা মতে, বঙাইগাঁও জিলাৰ বঙাইগাঁও-চাপ্ৰাকাটা ৰে’লৱে ষ্টেচনৰ মধ্যস্থল ২ নং নোৱাপাৰাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ বুধবাৰে নিশাৰ ভাগত তীব্ৰবেগী ৰে’লৰ খুন্দাত মাতৃ, কন্যাৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয় । নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় একেটা পৰিয়ালৰ তিনিগৰাকীৰ লোকৰ(Three Found Dead on Railway Track in Bongaigaon) ৷
মৃত মহিলা কেইগৰাকী হৈছে কল্পনা বৰ্মন, তেওঁৰ ১১ বছৰীয়া কন্যা প্ৰিয়া বৰ্মন আৰু মুন্না ৷
বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘটনাটো কেনেকৈ সংঘটিত হল ।
ইতিমধ্যে ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু বঙাইগাঁও সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Parliament Security Breach : লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে গেলাৰীৰ পৰা জাঁপ মাৰিলে যুৱকে