One person killed in Firing by Militants :অসম-মণিপুৰ সীমান্তত গুলীচালনা; গুলীচালনাত নিহত প্ৰাক্তন উগ্ৰপন্থী কেডাৰ
নেশ্যনেল ডেস্ক, ১৩ডিচেম্বৰ : পুনৰ অসম-মণিপুৰ সীমান্তত গুলীচালনাৰ ঘটনা । মঙলবাৰে বিয়লি অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনা সংঘটিত হয়(One person killed in Firing by Militants) ।
এই গুলীচালনাত এজন প্ৰাক্তন উগ্ৰপন্থী কেডাৰ নিহত হয় । নিহত প্ৰাক্তন উগ্ৰপন্থী কেডাৰজন গাইদেন চংপো ৰংমাই ওৰফে চেলা ৰংমাই বুলি জানিব পৰা গৈছে ৷ আনহাতে এই গুলীচালনাৰ ফলত এজন লোক আহত হয় ৷ আহত লোকজনৰ নাম কানলুন গাই বুলি জানিব পৰা গৈছে( Ex-cadre of Naga militant group killed in clash) ।
উল্লেখ্য যে, মঙলবাৰে নাগা নেশ্যনেল কাউঞ্চিল (NNC) ৰ এক গোপন বৈঠক অনুষ্ঠিত হৈছিল(One person killed in firing by militants in Assam) । বৈঠক অনুষ্ঠিত হৈছিল কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং পুঞ্জীত ৷জানিব পৰা মতে, সেই বৈঠকতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে উগ্ৰপন্থীৰ সংগঠনৰ এজন কেডাৰে প্ৰাক্তন উগ্ৰপন্থীৰ সদস্য চেলা ৰংমালৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে(Former Insurgent Killed In Firing By Another Ex-Insurgent In Assam) ৷
এই গুলীচালনাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল ৷ শিলচৰ দক্ষিণ ৰেঞ্জৰ আৰক্ষী উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়া আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দল এটা আৰু আৰক্ষীৰ দলটোৱে অভিযান আৰম্ভ কৰে(Naga Militant Leader Shot Dead in Assam’s Cachar) ৷
ইফালে এই ঘটনাৰ সন্দৰ্ভত ডি আই জি কংকনজ্যোতি শইকীয়াই কয় যে, বৰ্তমানলৈ জানিব পৰা হোৱা নাই কি কাৰণে গুলীচালনা হ’ল ৷ তেওঁ লগতে কয় যে , ‘‘ তেওঁ (মৃত লোকজন) এটা সংগঠনৰ লগত জড়িত আছিল ৷ দীৰ্ঘদিনে চেলা নামদাইলং পুঞ্জীত অঞ্চলত বসবাস কৰি আছিল ৰংমাই আৰু তেওঁ এটা বিশেষ সংগঠনৰ লগত জড়িত আছিল ৷’’নিহত গাইদেন চংপোক কোন সংগঠনৰ লগত জড়িত আছিল সেই সন্দৰ্ভত স্পষ্টকৈ সদৰী নকৰি আৰক্ষী বিষয়া শইকীয়াই কয়, ‘‘ তদন্তৰ স্বাৰ্থতে তেওঁ কোন সংগঠনৰ আছিল আমি প্ৰকাশ নকৰো ৷ কিন্তু এটা নিদিষ্ট সংগঠনৰ লগত জড়িত আছিল ৷ আমি কিছু তথ্য লাভ কৰিছো ৷ তদন্তৰ পাচতেহে সকলো পোহৰলৈ আহিছে ৷’’
লগতে পঢ়ক : One youth Killed in Road Accident : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক