Local, Vocal, Global

Man Elephant Conflict : জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত;বনবিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ

জামুগুৰিহাট, ১৩ ডিচেম্বৰ : জামুগুৰিহাটত বন্যহস্তীৰ আক্ৰমণত আহত ব্য়ক্তি । জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । হাতী সন্ত্ৰাসত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।

ৰাজ্যত যেন হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।এফালে হাতীৰ বাবে মানুহৰ মৃত্যু, আনফালে জীৱশ্রেষ্ঠৰ বাবে হাতীৰ মৃত্যু। ভয়াৱহতকৈ ভয়াৱহৰ জ্বলন্ত সমস্যা হৈ পৰিছে এতিয়া হাতী-মানুহৰ সংঘাত তথা উপদ্ৰৱ।

অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। জামুগুৰিহাটত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ব্যক্তি । জানিব পৰা মতে,ৰাস চাই উভতি অহাৰ পথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

উল্লেখ্য যে জামুগুৰিহাটত মঙলবাৰে নিশা ৰাস চাই উভতি অহাৰ পথত বন্যহস্তীৰ আক্ৰমণ কৰে ৬০ উৰ্ধৰ এজন ব্যক্তি । হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্যক্তিজন । গুৰুতৰভাৱে আহত লোকজনৰ নাম মুকুল দাস আৰু মুকুল দাস টলকাবাৰী গাঁও উন্নয়ণ সমিতিৰ সভাপতি । মঙলবাৰে নিশা টলকাবাৰীত অনুষ্ঠিত ৰাস মহোৎসৱ চাই নিজ গৃহলৈ উভতি অহাৰ সময়তে অঞ্চলটোত ধান , আলু ,সৰিয়হ আদি খেতি খোলাত উপদ্ৰৱ চলাই থকা এটি বন্যহস্তীৰ জাকৰ সন্মুখী হয় মুকুল দাস আৰু সেই সময়তে নিজক বচাবলৈ চেষ্টা কৰোতেই হাতীয়ে আক্ৰমণ কৰে লোকজনক ৷

হাতীৰ আক্ৰমণৰ ফলত ককাল বুকু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কথমপি প্ৰাণ ৰক্ষা পৰা লোকজনৰ । আঘাতপ্ৰাপ্ত লোকজনক সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷

জামুগুৰীহাটত প্ৰায় সংঘটিত হৈ অহা এনে ঘটনাৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বনবিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant Conflict : পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ