Jhankar Murder Case : ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আৱেদনৰ শুনানি
নিউজ ডেস্ক, ১২ ডিচেম্বৰ : আজি ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আৱেদনৰ শুনানি । গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি দুই অভিযুক্তক জামিন প্ৰদান কৰে লগতে ৮ অভিযুক্তৰ জামিন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে (Jhankar Murder Case)।
উল্লেখ্য যে, ১০ বছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডিফুত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । ২০১৩ চনৰ ২৫ জুনত কাৰ্বি আংলং জিলাৰ ডিফুত ঝংকাৰ শইকীয়াক হত্যা কৰিছিল ।
পাহাৰীয়া জিলাখনত মাত্ৰ ১০ টকাৰ বাবেই একাংশ উন্মত্ত লোকৰ আক্ৰমণ কৰিছিল ঝংকাৰ শইকীয়াক। উন্মত্ত লোকসকলৰ গণপ্ৰহাৰত মৃত্যু হৈছিল ঝংকাৰ শইকীয়াৰ। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কাৰ্বি আংলং সত্ৰ ন্যায়াধীশ আদালতে ১৬ জনকৈ লোকক দোষী সাব্যস্ত কৰিছিল। কাৰ্বি আংলং সত্ৰ ন্য়ায়াধীশৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই একাংশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সৰন্নাপন্ন হৈছিল(2 People Involved in Jhankar Saikias Murder Case Granted Bail)।
এই সন্দৰ্ভতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা জামিন শুনানিত ন্যায়ালয়ে চৰছিং টেৰণ আৰু জুনছিং টেৰণক জামিন প্ৰদান কৰে।
লগতে পঢ়ক : Man Found Dead In Guwahati Residence : ঘৰৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ