Road Accident in Nagaon : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন, আহত তিনিজন

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন, আহত তিনিজন ।
নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।মঙলবাৰে নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in Nagaon)।
উল্লেখ্য যে হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, তীব্ৰবেগী ইন’ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা যাত্ৰীসকল চিটিকি পৰে। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লগতে গুৰুতৰভাৱে আহত ৩ জন(Road Accident Killed One in Pathori Nagaon)।
পথৰ ডিভাইডাৰত লাগি কোনোমতে ওলমি ৰয় বাহনখন।দুৰ্ঘটনাগ্ৰস্ত ইন’ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।
বৰ্তমান বাহনখনৰ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয় ।
লগতে পঢ়ক : Guwahati Police Seize Fake Gold : পুনৰ মহানগৰীত জব্দ নকল সোণ আৰু নকল নোট