Article 370 Verdict : জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ
নিউজ ডেস্ক, ১১ ডিচেম্বৰ : সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে জম্মু-কাশ্মীৰ সন্দৰ্ভত ৰায়দান প্ৰদান কৰে । ৩৭০ অনুচ্ছেদ বাতিল আৰু পূৰ্বৰ ৰাজ্য জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আবেদন সন্দৰ্ভত সোমবাৰে ৰায়দান প্ৰদান কৰে(Article 370 Verdict) ।
পাঁচজনীয়া সংবিধান বিচাৰপীঠৰ উপস্থিত ৰায় প্ৰদান পাঠ কৰে । পাঁচজনীয়া সংবিধান বিচাৰপীঠ গঠন হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ ।জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰি ৰখা ৰায় আজি ঘোষণা কৰে(Supreme Court Upholds Abrogation Of Article 370, Paving The Way For Jammu And Kashmir’s Integration)।
এই গোচৰটোৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয়, যুদ্ধৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত সেই সময়ত অনুচ্ছেদ ৩৭০ৰ ব্যৱস্থা কৰা হৈছিল। এয়া এক অস্থায়ী ব্যৱস্থা আছিল। সলনি কৰিব পাৰিলে হয়। কেন্দ্ৰীয় চৰকাৰে সঠিক প্ৰক্ৰিয়াৰে ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জম্মু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ন্যায়ালয়ে নিৰ্বাচন আয়োগক জম্মু কাশ্মীৰত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে(SC Upholds Abrogation of Special Status of J&K)।
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ এছ কে কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই, আৰু সূৰ্য কান্তক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে বিষয়টোৰ ওপৰত দাখিল কৰা তথ্যসমূহ ১৬ দিনৰ বাবে শুনানি গ্ৰহণ কৰে ।
ৰাজ্যখনৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ৩৭০ অনুচ্ছেদ অস্থায়ী ব্যৱস্থা আৰু ৩৭০ অনুচ্ছেদ অন্তৱৰ্তীকালীন ব্যৱস্থা বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে । উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ নিৰ্দেশ সাংবিধানিকভাৱে বৈধ বুলি কয় । ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ ওপৰত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল ৷
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, নিৰ্বাচন বেছি দিন স্থগিত ৰাখিব নোৱাৰি। সেয়ে ন্যায়ালয়ে ২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক পুনৰ জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা দিবলৈও কয়।