Local, Vocal, Global

Wild Elephanat Death : বলিজুৰিৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে (Wild Elephanat Death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ বন্যহস্তীৰ মৃত্যু ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ গড়চুক বেবেজীয়া পথাৰত বন্যহস্তীয়ে কৰুণ মৃত্যু । পাঁচদিন পূৰ্বে বলিজুৰিৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো । কিন্তু বন্যহস্তীটো আঘাতপ্ৰাপ্ত হোৱাত গড়চুকৰ এখন পথাৰত চাৰিদিন ধৰি যন্ত্ৰণাত বাগৰি পৰে । স্থানীয় বনবিভাগে হাতীটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণৰ কৰিব লাগিছিল তাৰ উচিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰাত হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত শনিবাৰে সন্ধিয়াভাগত হাতীটোৰ মৃত্যু হোৱা অভিযোগ(Elephant Death in Barhampur) ।

শনিবাৰৰ দিনটোত স্থানীয় পশু চিকিৎসকৰ এটা দলে হাতীটোৰ বচাবলৈ পাৰ্যমানে চিকিৎসা কৰিছিল যদিও শনিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত হাতীটোৰ মৃত্যু হয় ।

সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পাচতো ঘটনাস্থলীত জিলা বন বিষয়া তথা জিলা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে । এক পৰিতাপৰ বিষয় যে স্থানীয় বন বিভাগ আৰু স্থানীয় পশু চিকিৎসকৰ দলটোৱে হাতীটোক বচাবলৈ যেনেধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল এই তৎপৰতা নেদেখুওৱাৰ অভিযোগ ৰাইজৰ ।

লগতে পঢ়ক : Two Elephants Electrocuted To Death : কাৰ্বি আংলং জিলাত দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু