Uttar Pradesh Road Accident: ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা । শিশুসহ ৮ জন লোক জীৱন্তে অগ্নিদগ্ধ।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । উত্তৰ প্ৰদেশৰ বৰেলী-নৈনিতাল ঘাইপথত ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ৮ জন লোকৰ মৃত্যু হয়(Uttar Pradesh Road Accident)।
প্ৰাপ্ত তথ্য অনুসৰি, চাৰিচকীয়া বাহনখনৰ টায়াৰ ফাটি যোৱাৰ ফলত উত্তৰাখণ্ডৰ পৰা আহি থকা ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ পিছতে বাহন দুখনত জুইৰ লেলিহান শিখাই আৰু বাহন দুখন বিস্ফোৰণ ঘটে । এই ঘটনাৰ পিছতে স্থানীয় লোকে ঘটনাৰ সম্পৰ্কে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ লগে লগে আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়(Eight burnt alive after car suffers tyre burst, rams dumper head-on on highway) ।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰি বাহনখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰালোকে জীৱন্তে অগ্নিদগ্ধ হয় ৮ জন লোক ।আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Eight burnt alive after car suffers tyre burst, rams dumper head-on on highway) ।
ইফালে ডাম্পাৰত থকা দুজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিবলৈ পৰা যায় ।
স্থানীয় আৰক্ষী অধীক্ষকে গাড়ীখনত থকা আঠজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে আৰু কয় যে যাত্ৰীবাহী বাহনখন বাৰেলীৰ পৰা বাহেৰীলৈ গৈ আছিল।