Local, Vocal, Global

Arms Seized in Manipur : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী। মণিপুৰত নিৰাপত্তা বাহিনীৰ সফল অভিযান । অভিযানত জব্দ মাৰণাস্ত্ৰ সামগ্ৰী আৰু বিস্ফোৰক সামগ্ৰী (Arms Seized in Manipur) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । উত্তৰ-পূব ৰাজ্য মণিপুৰত আৰক্ষী আৰু সেনাই যৌথ অভিযান চলাই । অভিযানত জব্দ বুজন পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰী ।

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান আজিও অব্যাহত আছে।‌ সোমবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ইম্ফল পশ্চিম, কাকচিং, ইম্ফল পূব, কাংপকপি, বিষ্ণুপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন এলেকাত । নিৰাপত্তা বাহিনীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে চলোৱা অভিযানৰ সময়ত পূব ইম্ফল জিলাৰ পৰা ৩ টা খালী মেগজিনসহ ৩ টা এছ এম জি কাৰবাইন,ডিটনেটৰ নথকা ১৫ টা হেণ্ড গ্ৰেনেড, ডিটনেটৰ নথকা ৬টা স্মোক ডব্লিউ পি গ্ৰেনেড,১৮টা মৰ্টাৰ বোমা আৰু ৬ ডাল ডিটনেটৰ উদ্ধাৰ কৰে। আনহাতে, কাংপকপি জিলাত‌ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ২টা মেগজিনযুক্ত ১ টা এ কে-৫৬ ৰাইফল,১টা চাইনিজ গ্ৰেনেড,১টা একক বেৰেল ৰাইফল, ১০০ টা এ কে-৫৬ৰ সতেজ গুলী আৰু ১টা মৰ্টাৰ গুলীসহ বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে(Search operations were conducted by security forces in the fringe and vulnerable areas)।

লগতে পঢ়ক : Arms seized in Manipur : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী