Workers Trapped Under Sacks:গুদামত আৱদ্ধ ১০ জনতকৈ অধিক শ্ৰমিক, অব্যাহত আছে উদ্ধাৰ অভিযান

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : কৰ্ণাটকত সংঘটিত হৈছে আন এক অঘটন । কৰ্ণাটক জিলাৰ বিজয়াপুৰত গুদামত আৱদ্ধ হৈ পৰিছে শ্ৰমিক(Workers Trapped Under Sacks) ।
সোমবাৰে বিজয়াপুৰৰ এটা বৃহৎ খাদ্য শস্যৰ গুদামত ১০ জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ পৰা এক ঘটনা সংঘটিত হৈছে । এই ঘটনাটো সংঘটিত হৈছে ৰাজাগুৰু ইণ্ডাষ্ট্ৰীজ গুডামত । গুদামত খাদ্য প্ৰস্তুত কৰি থকা বিভাগত কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো(3 workers rescued, more still feared trapped after storage unit collapses at Vijayapura warehouse) ৷
আৰক্ষীয়ে জানিবলৈ দিয়ে অনুসৰি কুঁহিয়াৰৰ বেগ ভাঙি পৰি এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি , গুদামটোৰ ভিতৰত বৰ্তমান আৱদ্ধ হৈ আছে ১০ জনতকৈ অধিক শ্ৰমিক । বৰ্তমান আৱদ্ধ হৈ থকা শ্ৰমিককেইজনক উদ্ধাৰ কৰিবলৈ অভিযান চলি আছে ।
জানিব পৰা মতে , আৱদ্ধ হৈ থকা শ্ৰমিককেইজন বিহাৰৰ । বৰ্তমান গুদামত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ বাবে অভিযান চলাই আছে ।
শ্ৰমিকক উদ্ধাৰৰ বাবে চাৰিখনকৈ জেচিবি ব্যৱহাৰ কৰা হৈছে ।জেচিবি কেইখনে উদ্ধাৰৰ বাবে ধাৰাবাহিকভাৱে অভিযান চলায় আছে ।
বিজয়পুৰাৰ উপ আয়ুক্ত টি ভূবালানে সংবাদ মাধ্যমক কয়, “গুদামত আৱদ্ধ হৈ আছে একাংশ শ্ৰমিক । এতিয়াও প্ৰায় ১০-১২ জন শ্ৰমিক আৱদ্ধ হৈ থাকিব পাৰে, আনহাতে ইতিমধ্যে তিনিজনক উদ্ধাৰ কৰা হৈছে ।উদ্ধাৰ কৰা শ্ৰমিক কেইজনক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে শ্ৰমিককেইজন(Karnataka Warehouse Collapse Traps Over 10 Workers Under Heavy Grain Sacks, Rescue Ops On) ।”
উল্লেখ্য যে,বিগত কেইবাবছৰ ধৰি উক্ত উদ্যোগটোতেই কৰ্মৰত হৈ আছে শ্ৰমিককেইজন । আন দিনাৰ দৰে সোমবাৰেও কৰ্মচাৰীকেইজনে গুদামটোত নিজৰ কামত ব্যস্ত হৈ আছিল । হঠাৎ কুঁহিয়াৰৰ মোনাবোৰ ভাঙি পৰাত সেই মোনাৰ তলত আৱদ্ধ হৈ পৰিল শ্ৰমিককেইজন ।ঘণ্টাৰ পিচত ঘণ্টা ধৰি চলি আছে এই উদ্ধাৰ অভিযান । দুৰ্ঘটনাটো সন্দৰ্ভত অৱগত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক ঋষিকেশ সোণানৱনকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ৷ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক:Fire Accident : যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড;জীৱন্ত অগ্নিদগ্ধ এজন ব্যক্তি