Local, Vocal, Global

20 Yr Old Man Kills Girlfriend in Hotel : প্ৰেমিকাক হত্য়া কৰি প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত লগালে মৃতদেহৰ ফটো

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : প্ৰথমে হত্যা, তাৰ পিছত মৃতদেহৰ ফটো হোৱাটছএপ ষ্টেটাছত(20 Yr Old Man Kills Girlfriend in Hotel) ।

কিমান ভয়ংকৰ হ’ব পাৰে এই ঘটনা । কিমান নৃশংস হ’লে এজন ব্যক্তি এনে ঘটনা সংঘটিত কৰিব পাৰে ।

দেশৰ পুনত হত্যাকাণ্ড। আন এক হত্যাকাণ্ডই জোকাৰি গল সমগ্ৰ দেশ । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা দেশত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড ।

এইবাৰ হোটেলত প্ৰেমিকাক হত্য়া কৰি প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত লগালে মৃতদেহৰ ফটো । তামিলনাডুৰ চেন্নাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

জানিব পৰা মতে তামিলনাডুৰ ক্ৰমপেটৰ চিএলচি ৱৰ্কচ ৰোডৰ এখন হোটেলত এক কৰুণ ঘটনা সংঘটিত হয় । ক্ৰমপেটৰ চিএলচি ৱৰ্কচ ৰোডৰ হোটেলৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ।ভুক্তভোগী যুৱতীগৰাকী নাৰ্চিং প্ৰতিষ্ঠানৰ ছাত্ৰী আছিল(Man kills girlfriend in hotel, posts pic of body as WhatsApp status)।

ভুক্তভোগীৰ যুৱতী গৰাকীৰ প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত যুৱতীগৰাকীৰ মৃতদেহ ফটো দিয়ে এই ফটো বন্ধুবৰ্গই প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । লগে লগে ঘটনাৰ সম্পৰ্কে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ।

উল্লেখ্য যে, ভুক্তভোগী যুৱতীগৰাকীৰ বয়স ২০ বছৰ আনহাতে হত্যাকাৰী যুৱকজন ২০ বছৰীয়া আশিক বুলি চিনাক্ত কৰা হৈছে । দুয়ো কেৰালাৰ কোল্লামৰ বাসিন্দা ।

এই ভয়ংকৰ ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে শুকুৰবাৰে পুৱা প্ৰায় ১০ মান বজাত আৰক্ষী হোটেলখনত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীৰ অনুসন্ধানত হোটেলৰ কোঠাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে আৰক্ষীৰ ঘটনা সন্দৰ্ভত তদন্তৰ অন্তত তথ্য পোহৰলৈ আহিছে(20 Yr Old Man Kills Girlfriend in Hotel, Posts Her Lifeless Body As WhatsApp Status) ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ৫ বছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আচিল আৰু আশিকে যুৱতীগৰাকীৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হৈছিল । ইফালে নিউ কলনিৰ হোষ্টেলত বাস কৰা দ্বিতীয় বৰ্ষৰ নাৰ্চিং শিক্ষাৰ্থীগৰাকী যোৱা ৩ দিন ধৰি মহাবিদ্যালয়ত উপস্থিত নাছিল । জানিব পৰা মতে দুয়োৰে মাজত কাজিয়া হৈছিল । দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আশিকৰ ফোনত আন মহিলাৰ সৈতে ফটো পোৱাৰ বাবে । খঙত আশিকে যুৱতীগৰাকীৰ মুখত টি-চাৰ্টেৰে হেঁচি ধৰিছিল আৰু শ্বাসৰুদ্ধ হৈ যুৱতীগৰাকীক মৃত্যু হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে ।

আৰক্ষীৰ ঘটনা সন্দৰ্ভত তদন্ত অনুসন্ধানত দম্পতীটোৰ আন এক ৰহস্যও পোহৰলৈ আহিছে । দুবছৰ পূৰ্বে আশিকৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীয়ে কেৰালা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

অভিযোগ অনুসৰি আৰক্ষীয়ে পকচো আইনৰ অধীনত আশিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণো কৰিছিল কিন্তু আশিক কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত তেওঁলোকৰ মাজত বুজাবুজি হৈছিল আৰু যুৱতীগৰাকীৰ সৈতে আশিকে সম্পৰ্ক ৰাখিছিল ।

কিন্তু কি কাৰণত হত্য়াকাণ্ডৰ ভয়ংকৰ কাণ্ড সংঘটি হ’ল এতিয়ালৈ জানিব পৰা হোৱা নাই ।

অৱশ্যে জঘন্য হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে আৰক্ষীয়ে তদন্ত কৰি আছে ।

লগতে পঢ়ক : Road Accident : অকালতে হেৰাই গ’ল এজনী মেধাৱী ছাত্ৰী