Local, Vocal, Global

3 women Detained with Drugs : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

নিউজ ডেস্ক, ২ ডিচেম্বৰ : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police Raid Against Drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।

এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান ।

শুকুৰবাৰে তেজপুৰ আৰক্ষীৰ অভিযান । তেজপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় তেজপুৰৰ হজৰাপাৰত ৷ এই অভিযানত ড্ৰাগছসহ তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় তেজপুৰ আৰক্ষী(3 women Detained with Drugs in Tezpur) ৷

জানিব পৰা মতে, লালমাটি আৰক্ষী চকীৰ অধীনত হজৰাপাৰৰ এগৰাকী মহিলাৰ ঘৰত থিতাপি লৈছিল নগাঁৱৰ আন দুগৰাকী মহিলাই ৷ মহিলা দুগৰাকীয়ে ড্ৰাগছ ব্যৱহাৰ কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই হাতে লোটে ধৰা পেলায় মহিলা দুগৰাকীক ৷ এই মহিলাকেইগৰাকীৰ পৰা ড্ৰাগছৰ তিনিটা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷

এই স্থানডোখৰত বহু দিনৰে পৰা ড্ৰাগছ আৰু বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন একাংশ যুৱকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক : 2 Women Arrested With Vials of Drugs : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা