PM Modi arrives in Delhi after attending COP28 Summit in Dubai : ডুবাই ভ্ৰমণৰ অন্তত শুকুৰবাৰে দিল্লী বিমানবন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক , ২ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডুবাইৰ ভ্ৰমণৰ অন্তত শুকুৰবাৰে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।দিল্লী তেওঁ দল সন্মিলন-২৮ (COP28)ত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, উপসাগৰীয় আৰব এমিৰেটছৰ ডুবাইত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনত উদ্বোধনী অধিবেশন ভাষণ প্ৰদান, দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ আৰু গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ আৰম্ভ কৰি ভাৰতলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী মোদী । দিনজোৰা ভ্ৰমণৰ পিছত শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীত উপস্থিত হয় । তেওঁ ক’প২৮ (COP28) সন্মিলনক এক উদ্ভাৱনমূলক সফল সন্মিলন হিচাপেও উল্লেখ কৰে ।
আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে ক’প২৮ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে ইউএইৰ ৰাষ্ট্ৰপতিক অভিনন্দন জনায় । তেওঁ ক’প২৮ত সেউজ জলবায়ু কাৰ্যসূচীত (জিচিপি) উচ্চ পৰ্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে(PM Modi arrives in Delhi after attending COP28 Summit in Dubai) ।
উল্লেখ্য যে ক’প ২৮ নৱেম্বৰৰ ২৮ তাৰিখৰ পৰা ডিচেম্বৰৰ ১২ তাৰিখলৈ ইউএইৰ অধ্যক্ষতাত ডুবাইত অনুষ্ঠিত হৈছে ।”ধন্যবাদ, ডুবাই ! এইটো এক উদ্ভাৱনমূলক ক’প২৮ সন্মিলন । আহক সকলোৱে এক উন্নত গ্ৰহৰ বাবে একেলগে কাম কৰোঁ ।” মোদীয়ে এক্সত তেওঁৰ দিনজোৰা ব্যস্ততাৰ এটা দুই মিনিটৰ ভিডিঅ’ৰ সৈতে এনেদৰে পোষ্ট কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ দিল্লীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্স হেণ্ডেলত এখন ফটোৰ সৈতে এটা পোষ্ট কৰে : “ইউএইত অনুষ্ঠিত ক’প২৮ সন্মিলনৰ বাবে ডুবাইলৈ ফলপ্ৰসূ ভ্ৰমণ সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত উপস্থিত হৈছে ।
মোদীয়ে বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান, ৰাষ্ট্ৰ-চৰকাৰৰ মুৰব্বীসকলৰ উচ্চ-পৰ্যায়ৰ বৈঠকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান, ট্ৰান্সফৰ্মিং ক্লাইমেট ফাইনেন্সৰ ওপৰত সভাপতিসকলৰ বৈঠক, সেউজ ক্ৰেডিট কাৰ্যসূচীৰ আন এক উচ্চ পৰ্যায়ৰ অনুষ্ঠান আৰু দিনটোৰ শেষত উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গ্ৰুপৰ (লীডআইটি) অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰীয়ে পৰিষ্কাৰ আৰু সেউজ বিকাশৰ উপায়ৰ বিষয়েও আলোচনা কৰে । আনহাতে, সন্মিলনৰ সময়ত বিভিন্ন নেতাৰ সৈতে অনুষ্ঠিত বৈঠকত দ্বিপাক্ষিক আৰু আঞ্চলিক স্বাৰ্থৰ বিষয়সমূহো আলোচনা কৰা হয় বুলি বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয়(PM Modi Arrives In Delhi After Attending COP28 Summit In Dubai) ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগ, ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান, জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ মেক্ৰন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।
ইয়াৰ উপৰি মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভা, ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনি, ব্ৰিটিছ বৈদেশিক সচিব ডেভিদ কেমেৰুন, ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ, তুৰ্কীৰ ৰাষ্ট্ৰপতি আৰ টি এৰ্দোগান, ছুইডিছ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছন আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু, বাৰ্বাডোজৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, গায়েনাৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী, ছুইছ কনফেডাৰেচনৰ সভাপতি এলাইন বেৰছেটকো সাক্ষাৎ কৰে । আনহাতে, নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুট, উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ, তাজাকিস্তানৰ ৰাষ্ট্ৰপতি ইমোমালি ৰহমন আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজজুৰ সৈতেও মিলিত হয় ।