Huge Consignment Of Heroin Seized : ড্ৰাগছ সৰবৰাহকাৰী লৈ লক্ষ্য কৰি শূণ্যলৈ গুলীচালনা আৰক্ষীৰ
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্য বিভিন্ন প্ৰান্তত আৰক্ষীৰ নিৰিচ্ছিন্ন প্ৰক্ৰিয়া কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) ।
ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।
ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in North Guwahati )।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই (Huge Consignment Of Heroin Seized )।
সোমবাৰ উত্তৰ গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত শূণ্যলৈ গুলীচালনা । ড্ৰাগছ সৰবৰাহকাৰী লৈ লক্ষ্য কৰি শূণ্যলৈ গুলীচালনা কামৰূপ আৰক্ষীৰ ।
উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত সংঘটিত হৈছে এই ঘটনা । এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা ডি আই জি পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত উত্তৰ গুৱাহাটীৰ ভেটামুখত চলিছিল এই বৃহৎ অভিযান । অভিযানত জব্দ প্ৰায় ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ । লগতে আৰক্ষীয়ে ড্ৰাগছৰ লগত আটক কৰে দুই সৰবৰাহকাৰীক । আটক দুই সৰবৰাহকাৰীক চনু আলী আৰু অৰ্জুন বাচফৰ বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে,জব্দকৃত ড্ৰাগছখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখন বাহনো জব্দ কৰিছে ।(Huge Consignment Of Heroin Seized In North Guwahati, 2 Peddlers Held) ।
প্ৰাথমিক তথ্য অনুসৰি বাহনখন প্ৰথমে শৰাইঘাটৰ অভিমুখে গৈ আছিল যদিও চেকপইণ্টত আৰক্ষীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে বাহনখন লৈ চাংসাৰি অভিমুখে পলায়ন কৰে । বাহনখন পলায়নৰ চেষ্টা কৰাৰ লগে লগে আৰক্ষীৰ এছটিএফৰ দলটোৱে শূন্যলৈ গুলীচালনা কৰে ।
লগতে পঢ়ক :Drugs peddler arrested: জামুগুৰিহাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী