Heart failure and salt : অত্যাধিক মাত্ৰত নিমখ সেৱন পৰিহাৰ কৰক ! নহলে আপুনি আক্ৰান্ত হ’ব পাৰে হাৰ্ট এটেকত
আমি নিত্য নৈমিত্তিক জীৱনত আমাৰ খাদ্যত নিমখৰ প্ৰয়োগ কৰো ৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে বহু ধৰণৰ মছলা ব্যৱহাৰ কৰে ৷ কিন্তু খাদ্যত নিমখ নিদিয়ালৈকে ইয়াৰ সোৱাদ কোনেও পচন্দ নকৰে । কিন্তু অত্যধিক মাত্ৰত ইয়াক ব্যৱহাৰ কৰিলে কেতিয়াবা ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । খাদ্যত সীমিত পৰিমাণৰ নিমখৰ ব্যৱহাৰ আমাৰ বাবে উপকাৰী(Excessive salt)।
কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰি আছে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ পক্ষে সমস্যাৰ সৃষ্টি কৰিব পাৰে । খাদ্যত অতিৰিক্ত নিমখ লৈ খোৱাৰ অভ্যাস বাদ দিয়ক । দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি আমি দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে।
হাৰ্ট এটেকৰ ঘটনাবোৰ এতিয়া সমগ্ৰ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে। অৱশ্যে, হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণো আছে। অস্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে ইয়াৰ মূল কাৰণ(Eating too much salt is associated with risk of heart failure)।
হয়, অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। যদি শৰীৰত ছডিয়ামৰ পৰিমাণ অধিক হয়, তেনেহ’লে ই হৃদযন্ত্ৰৰ ক্ষতি কৰে। বিশ্ব স্বাস্থ্য সংস্থাইও এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰি পৰাপক্ষত নিমখ কম পৰিমাণে খাবলৈ সকলোকে পৰামৰ্শ দিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ মতে, নিমখ বেছিকৈ খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা আৰু হৃদ আক্ৰমণৰ আশংকাও বৃদ্ধি হয়। বহুলোকৰ মনত এটা প্ৰশ্ন থাকিব যে ছডিয়ামৰ সৈতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সম্পৰ্ক কি ?
বিশেষজ্ঞসকলৰ মতে, হাৰ্ট এটেকৰ অন্যতম কাৰক আন কিছুমান আনুসাংগিক ৰোগ। অত্যাধিক নিমখ খোৱাৰ ফলত উচ্চ ৰক্তচাপ হয় । ই হৃদযন্ত্ৰৰ ধমনীত তেজৰ সঞ্চালন বৃদ্ধি কৰে। ইয়াৰ বাবে হৃদযন্ত্ৰ প্ৰভাৱিত হয় আৰু হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয়(Heart failure and salt)।
সেয়েহে, সাধাৰণ লোকৰ লগতে ৰক্তচাপত আক্ৰান্ত লোকসকলকো যিমান পাৰি সিমান কম নিমখ খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। মনত ৰাখিব যে, দৈনিক খুব বেছি মাত্ৰ ৫ গ্ৰামহে নিমখ খাব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই লোকসকলক স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক ছডিয়াম নাখাবলৈ পৰামৰ্শ দিছে ।
লগতে পঢ়ক : Breakfast Foods to Avoid : ব্ৰেকফাষ্টত ভুলটো নাখাব এইকেইটা খাদ্য , নহ’লে হ’ব পাৰে শৰীৰৰ বাবে ক্ষতিকাৰক !