Land Mafia Kingpin Injured In Police Encounter : ভূ-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
নিউজ ডেস্ক, ২৭ নৱেম্বৰ : ৰাজ্যত পুনৰ এনকাউন্টাৰ ঘটনা । এইবাৰ ভূ-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।
দেওবাৰে নিশা বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰে মহানগৰীত যুটীয়া অভিযান চলাই । অভিযানত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ভূ-মাফিয়াটো । গুলীবিদ্ধ ভূ-মাফিয়াটো লালুং গাঁৱৰ ৰমেন মদাহী (34) বুলি জানিব পৰা গৈছে ৷ ভূ-মাফিয়াটো সোঁভৰিত গুলী লাগে । উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় গুলীবিদ্ধ ভূ মাফিয়া লালুঙক।
জানিব পৰা মতে দেওবাৰে নিশা ভূ-মাফিয়া ৰমেন মদাহীক লগত লৈ আন এজন ভূ-মাফিয়াৰ সন্ধানত লালুংগাঁৱত অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰে ৰমেন মদাহীয়ে ৷ তেনেসময়তে আৰক্ষীয়ে ভূ-মাফিয়াটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় ভূ মাফিয়া ৰমেন মদাহী(Land Mafia Kingpin Injured In Police Encounter)।
ঘটনাৰ সম্পৰ্কে GMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয় যে , “দেওবাৰে নিশা প্ৰায় ২.৪০ বজাত সংঘটিত হৈছে এই ঘটনাটো । আৰক্ষীয়ে কৰা গুলীচালনাৰ ফলত ভূ মাফিয়া লালুঙক ভৰিখনত এফালৰ পৰা গুলীটো সোমাই এফালে ওলাই গৈছে ।”
উল্লেখ্য যে মহানগৰীৰ কোটিটকীয়া মাটি অবৈধভাৱে মাটি হস্তান্তৰ কৰা দালাল চক্ৰ মহানগৰ আৰক্ষীয়ে উৎখাত কৰাৰ পিছতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰাৰ তথ্য পোহৰলৈ আহিছে । এই দালাল চক্ৰটোত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী, অধিবক্তা, লাট মণ্ডল জড়িত হৈ আছে বুলি জানিব পৰা গৈছে । ভূমি জালিয়াতি গোচৰত ইতিমধ্যে আৰক্ষীয়ে কামৰূপ (মেট্ৰ’)ৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস, দিছপুৰ ৰাজহ চক্ৰৰ ডাটা এণ্ট্ৰি অপাৰেটৰ ধ্ৰুৱ জ্যোতি বৰ্মন; অধিবক্তা মাইনুল হক আৰু দালাল তাপস চৌধুৰী, লাট মণ্ডল নলবাৰী কমাৰকুছিৰ বাপধন দাসক গ্ৰেপ্তাৰ কৰিছে ।উল্লেখ্য যে, বশিষ্ঠ থানাত এজন ভুক্তভোগী লোকে দিয়া এজাহাৰৰ ভিত্তিত 645/23 নম্বৰত এটি গোচৰ ৰুজু হোৱাৰ লগতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল ।
এই এজাহাৰৰ ভিত্তিত 12/23 নম্বৰত গোচৰ ৰুজু কৰি চলোৱা তদন্তত পোহৰলৈ আহে ভূমি কেলেংকাৰীৰ ক’লা অধ্যায়(Land mafia kingpin injured in police firing in Guwahati, hospitalised) ।
লগতে পঢ়ক : Naxalites set afire 14 vehicles : মাওবাদীৰ ভয়ংকৰ আক্ৰমণ ,অগ্নিসংযোগ ১৪ খনকৈ বাহনত