Elon Musk to meet Israel President Isaac Herzog : ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক সাক্ষাৎ কৰিব X ৰ মুৰব্বী ইলন মাস্কে
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক সাক্ষাৎ কৰিব X ৰ মুৰব্বী ইলন মাস্কে । মঙলবাৰে সাক্ষাৎ কৰাৰ কথা আছে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক X ৰ মুৰব্বী ইলন মাস্কৰ (Elon Musk to meet Israel President Isaac Herzog)।
অব্যাহত আছে ইজৰাইল আৰু হামাছৰ মাজত সংঘাত ।ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ মাজতে মঙলবাৰে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক X ৰ মুৰব্বী ইলন মাস্কে সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে ।
এই তথ্য প্ৰকাশ পাইছে টাইমছ অৱ ইজৰাইলৰ বাতৰিত । ইজৰাইলৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে নিশ্চিত কৰিছে যে ইলন মাস্ক আৰু হাৰ্জ’গৰ মাজত হোৱা বৈঠকৰ কথা(Elon Musk to meet Israel President Isaac Herzog tomorrow ) ।
প্ৰাপ্ত খবৰ অনুসৰি, হাৰ্জ’গে কয় যে গাজাত পণবন্দী হৈ থকাসকলৰ পৰিয়ালৰ কিছু সদস্যও এই বৈঠকত অংশগ্ৰহণ কৰিব । তেওঁ আৰু কয় যে তেওঁ অনলাইনত বৃদ্ধি পোৱা ইহুদী বিৰোধীতাক মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব(President Isaac Herzog to meet Elon Musk tomorrow in Jerusalem) ।
কিন্তু শেহতীয়াকৈ মাস্কে X ৰ ওপৰত ইহুদী বিৰোধী প্ৰকাশ্য পদক্ষেপক সমৰ্থন কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে । ইহুদী বিৰোধিতাৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱা আৰু মাস্কে নিজেই শ্বেয়াৰ কৰা মন্তব্যক ইহুদী বিৰোধী বুলি গণ্য কৰা হৈছে ৷ যাৰ ফলত Apple আৰু Disney ৰ দৰে বহু বিজ্ঞাপনদাতাই মাইক্ৰ’ব্লগিং চাইটটোত খৰচ কৰ্তন কৰিছিল । X ত ‘ইহুদী বিৰোধী’ পোষ্টক সমৰ্থন কৰাৰ বিতৰ্কৰ মাজতে ইলন মাস্কে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে এই অভিযোগ কৰি মিডিয়া চোৱাচিতাকাৰী সংস্থা ‘মিডিয়া মেটাৰ্ছ’ৰ বিৰুদ্ধে ‘থাৰ্মোনিউক্লিয়াৰ গোচৰ’ দাখিল কৰিব ।
তথ্য অনুসৰি, বৰ্তমান মাস্ক ইজৰাইলত আছে আৰু তেওঁৰ ভ্ৰমণৰ এই সময়চোৱাত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে(Elon Musk to Meet Israel President Herzog, Families of Released Hostages) ।
চলিত সপ্তাহৰ আৰম্ভণিতে মাস্কে ঘোষণা কৰিছিল যে X গাজাৰ যুদ্ধৰ সৈতে জড়িত বিজ্ঞাপন আৰু চাবস্ক্ৰিপচনৰ পৰা পোৱা সকলো ৰাজহ ইজৰাইলৰ চিকিৎসালয় আৰু গাজাৰ ৰেড ক্ৰছ/ক্ৰেছেণ্টক দান কৰিব ।X ৰ এটা পোষ্টত মাস্কে লিখিছে, ‘‘আমি ৰেড ক্ৰছ/ক্ৰেচেণ্টৰ জৰিয়তে ধন কেনেকৈ ব্যয় কৰা হয় সেই বিষয়ে অনুসৰণ কৰিম । জাতি, ধৰ্ম, ধৰ্ম নিৰ্বিশেষে আমি নিৰ্দোষীসকলৰ যত্ন লোৱা উচিত’’ ।
লগতে পঢ়ক : Israel-Hamas war: হামাছে মুকলি কৰি দিয়ে ১৩ গৰাকী ইজৰাইলীক, বিনিময়ত ইজৰাইলে মুকলি কৰি দিয়ে ৩৯ গৰাকী পেলেষ্টাইনীক