Local, Vocal, Global

Man Elephant conflict : মৰঙিত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Marangi)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ ।নুমলীগড় কাষৰীয়া মৰঙিত নিদ্ৰা হৰিছে বন্যহস্তীৰ উপদ্ৰৱে৷ নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ ৰাইজ ৷ ঘৰৰ ভিতৰতো যেন নিৰাপত্তা নোহোৱা হৈছে ৰাইজৰ ৷

হাতীৰ আক্ৰমণত শনিবাৰে পুৱাই এজন গুৰুতৰভাবে আহত হয় । আহক লোকজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হ’বলগা হৈছে । ওৰে নিশা পথাৰৰ ধান খাই তহিলং কৰাৰ পিছত পুৱা গাৱঁৰ মাজেৰে উভতি যায় এটা হাতীৰ বৃহৎ জাকে ৷ ইয়াৰে জাকৰ শেষত যোৱা এটা হাতীয়ে দুৰ্লভ গগৈ নামৰ লোকজনক ঘৰৰ চোতালত জুই পুৱাই থকা অবস্থাত আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে ৷ হাতীৰ উপদ্ৰৱৰ বাবেই নিৰাপত্তা নোহোৱা হৈছে মৰঙিবাসী ৰাইজৰ৷চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ৷ শীঘ্ৰেই হাতী-মানুহৰ সংঘাত নিৰাময়ৰ দাবী জনাইছে ৰাইজে৷

জানিব পৰা মতে, ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকক কেবাবাৰো যোগাযোগ কৰে স্থানীয় ৰাইজে ৷ কিন্তু এই ক্ষেত্ৰত বিফল হয় হয় গাঁওবাসী ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।

হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Man Elephant conflict : গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ