Xample of Hindu Muslim Harmony : হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন; সাম্প্ৰদায়িকতা নাশৰ প্ৰশংসনীয় পদক্ষেপ
নগাঁও, ২৫নৱেম্বৰ : যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে(Example of Hindu Muslim harmony) । “শংকৰ-আজানৰ দেশ” এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই(Communal harmony in Assam) ।
বটদ্ৰৱাত জীয়াই আছে ভাতৃত্ববোধ,জীয়াই আছে হিন্দু-মুছলমানৰ একতা। তাৰেই প্ৰমাণ পুনৰ দাঙি ধৰিলে বটদ্ৰৱাত । বটদ্ৰৱাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনঃ হিন্দু লোকক সৎকাৰ কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে ।
গুৰুজনাৰ প্ৰৱিত্ৰ জন্ম স্থান বটদ্ৰৱাৰ কোবাইকটা সত্ৰত ভাতৃত্ববোধৰ সুন্দৰ নিৰ্দশন। ভৰত চন্দ্ৰ শইকীয়া নামৰ লোকজনৰ মৃত্যুত সৎকাৰৰ বাবে উলাই আহে মুছলমান সম্প্ৰদায়ৰ সকলো পুৰুষ-মহিলাই।
উল্লেখ্য যে, ১৯৮৩ চনৰ পিছৰে পৰা মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত থকা একমাত্ৰ হিন্দু ধৰ্মৰ মানুহ ঘৰৰ মূল সদস্য জন সাত দিনৰ আগতে বেবেজীয়াত এক দূৰ্ঘটনাত পতিত হৈছিল আৰু আজি মৃত্যু ঘটে হিন্দুলোকজনৰ। কিন্তু গাঁৱখনত নাই কোনো হিন্দু সম্পাদায়ৰ লোক ।গাঁৱৰ খনত এঘৰো অসমীয়া মানুহ নথকাৰ বাবে দূৰৰ পৰা অহা ভৰত চন্দ্ৰ শইকীয়া পৰিয়ালৰৰ লোক সকলৰ সহযোগত মুছলমান সম্প্ৰদায়ৰ লোকসকলে নিশাই সৎকাৰ কৰে ভৰত চন্দ্ৰ শইকীয়াৰ ।
লগতে পঢ়ক : Son allegedly killed mother in Moran : পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক