Local, Vocal, Global

Son allegedly killed mother in Moran : পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক

মৰাণ, ২৫ নৱেম্বৰ : ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Moran Murder)। নিজ পুত্ৰৰ হাততে প্ৰাণ গ’ল এগৰাকী মাতৃৰ। এই জঘণ্য ঘটনাটো সংঘটিত হৈছে মৰাণত (Son allegedly killed mother in Moran)।

পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

মৰাণৰ ১০৮ নং খোৱাং গ্ৰান্টত চাঞ্চল্যকৰ ঘটনা ৷ মৰাণত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ।

জানিব পৰা মতে, মাতৃক গছকি গছকি হত্যা কৰিলে নিজ পুত্ৰই। মৰাণৰ ১০৮ নং খোৱাং গ্ৰাণ্টৰ আইদেউ সন্দিকৈ পথত সংঘটিত হয় এই ঘটনাটো। উত্তম বৰুৱা (৩৭) নামৰ যুৱকজনে মাতৃ নৃশংসভাৱে হত্যা কৰে।নিহত মহিলাগৰাকীৰ নাম অনু বৰুৱা বুলি জানিব পৰা গৈছে (Son allegedly killed mother in Moran) ৷

এই ঘটনাৰ বিষয়ে চুবুৰীয়াই গম পোৱাৰ পিছতে মৰাণ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ কুলাংগাৰ পুত্ৰ উত্তম বৰুৱা গ্ৰেপ্তাৰ কৰে।

চুবুৰীয়াৰ ভাষ্য অনুসৰি, প্ৰায়ে ড্ৰাগছ সেৱনৰ বাবে টকা বিচাৰি মাকৰ সৈতে কাজিয়াত লিপ্ত হয় অভিযুক্ত উত্তম বৰুৱা ৷ শনিবাৰে পুৱাৰ ভাগতো এই ড্ৰাগছৰ বাবে মাতৃ-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ এই কাজিয়াৰ বাবেই অভিযুক্ত উত্তম বৰুৱাই তেওঁৰ মাতৃক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে ৷

পূৰ্বেও উত্তমে পিতৃক হত্যা কৰিছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ আনহাতে, মাতৃক হত্যা কৰাৰ সময়ত উত্তম ড্ৰাগছৰ নিচাত আছিল বুলি ৰাইজে উল্লেখ কৰে ৷

লগতে পঢ়ক : Bhilai Rungta College ITI student suicide : আত্মহত্যা জানো শেষ উপায়; পুনৰ ITI শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা