Bhilai Rungta College ITI student suicide : আত্মহত্যা জানো শেষ উপায়; পুনৰ ITI শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা
নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়। পুনৰ শিক্ষাৰ্থী আত্মহত্যা(Student suicide)।
এইবাৰ ছত্তীশগড়ত শিক্ষাৰ্থীৰ আত্মহত্য়া ।ITI শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা ।
উল্লেখ্য যে, ছত্তীশগড়ৰ ভিলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ছত্তীশগড়ৰ ভিলাইত ৰুংটা মহাবিদ্যালয়ৰ এগৰাকী আইটিআই শিক্ষাৰ্থীয়ে হোষ্টেলৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে । আত্মহত্যাৰ পূৰ্বে ছাত্ৰজনে লিখি থৈ যায় এখন চুইচাইড নোট । আৰক্ষীয়ে বৰ্তমান ছাত্ৰজনৰ ওচৰৰ পৰা চুইচাইড নোটখন উদ্ধাৰ কৰিছে । চুইচাইড নোটখন ছাত্ৰজনে পিতৃ-মাতৃক সম্বোধন কৰি লিখিছে । চুইচাইড নোটখনত ছাত্ৰজনে পিতৃ-মাতৃক ক্ষমা বিচাৰিছে(Bhilai Rungta College ITI student suicide ) ।
মৃত ছাত্ৰজনৰ নাম নিখিল বাৰ্মা বুলি জানিব পৰা গৈছে । নিখিলৰ ঘৰ লিটিয়া চকীৰ অন্তৰ্গত দৰ্কি গাঁৱত । ১৯ বছৰীয়া নিখিলে ভিলাইৰ ৰুংটা মহাবিদ্যালয়ত আইটিআইৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল । কিন্তু হঠাৎ ছাত্ৰজনৰ আত্মহত্যা কৰে আৰু ইয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোকসকলৰ মাজত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । শোকত ভাগি পৰিছে পৰিয়ালৰ লোক । নিখিলৰ মৃত্যুক এতিয়াও সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালটোৱে ।
পৰিয়ালৰ লোকসকলে ভাষ্য অনুসৰি, নিখিল মেধাৱী ছাত্ৰ আছিল । কোনো লোকৰ সৈতে শত্ৰুতা নাছিল নিখিলৰ । পিতৃৰ মতে নিখিলে কমকৈ কথা পাতিছিল । বেছিখিনি সময় নিজৰ পঢ়া-শুনাৰ সৈতে তেওঁ ব্যস্ত আছিল । দীপাৱলীৰ বন্ধৰ সময়ত তেওঁ ঘৰলৈও আহিছিল । তেওঁ মাতৃৰ পৰা ধন লৈ নতুন কাপোৰো ক্ৰয় কৰিছিল । পিতৃৰ মতে সেই সময়ছোৱাত ঘৰত কোনো ধৰণৰ বিবাদ হোৱা নাছিল । দীপাৱলীৰ পাছত তেওঁ ১৮ নৱেম্বৰত হোষ্টেললৈ উভতি গৈছিল( 19 year old ITI student dies by suicide in Bhilai hostel) ।
জানিব পৰা মতে দুদিন হোষ্টেলত থকাৰ পাছত তেওঁ ৰামনগৰত বাস কৰা তেওঁৰ ভাতৃৰ ঘৰলৈ গৈছিল । তাৰ পৰা তেওঁ পুনৰ হোষ্টেললৈ উভতি আহিছিল । কিন্তু শুকুৰবাৰে সন্ধিয়া হোষ্টেলৰ কোঠাত চিপ লোৱা অৱস্থাত নিখিলৰ মৃতদেহ উদ্ধাৰ হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন অহাৰ পাছত হে সকলো কথা স্পষ্ট হ’ব ।
লগতে পঢ়ক : IIT Hyderabad student dies: আই আই টি হায়দৰাবাদৰ ছাত্ৰৰ আত্মহত্য়া