Uttarkashi tunnel collapse : ১৪ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই
নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : ১৪ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই । বৰ্তমানেও আৱদ্ধ হৈ আছে ৪১ গৰাকীকৈ শ্ৰমিক । উদ্ধাৰকাৰী দলৰ ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক (Uttarkashi tunnel collapse)। সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাৰ গধুৰ অগাৰ মেচিনটোৰে খনন কাৰ্য অব্যাহত আছে যদিও বাৰাম্বাৰ বাধাৰ সন্মুখীন হৈছে মেচিনটো(Uttarkashi tunnel collapse) ।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত আমেৰিকাৰ গধুৰ অগাৰ মেচিনটোৰে খনন আৰম্ভ কৰা হয় । কিন্তু প্ৰায় এক মিটাৰ খনন হোৱাৰ পাচতেই অগাৰ ড্ৰিলিং মেচিনটোৰ সন্মুখত ৰিবাৰ আৰু লোহাৰ পাইপ অহাৰ ফলত খনন কাৰ্য বন্ধ কৰিবলগীয়া হয় আৰু উদ্ধাৰ অভিযান বন্ধ হৈ পৰে ।কিন্তু বৰ্তমান পৰ্যন্ত কোনো ভাল খবৰ ওলোৱা নাই ।
সকলোৱে অপেক্ষাত ছিল্কয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল ওলাই অহালৈ । কেতিয়াই অন্ত পৰিব এই অপেক্ষাৰ । শ্ৰমিকসকল ওলাই অহাৰ অপেক্ষা শেষ হ’বলৈ ওলাওতেই বাধাই অপেক্ষা আৰু অধিক বৃদ্ধি কৰিলে ।
এন এইচ আই ডি চি এলৰ জেনেৰেল মেনেজাৰ কৰ্ণেল দীপক পাটিলে কয় যে মেচিনৰ সন্মুখত বাৰে বাৰে লোহাৰ বস্তু অহাৰ বাবে খননৰ কামত প্ৰভাৱ পৰিছে । তেওঁ কয় যে এতিয়ালৈকে ৪৮ মিটাৰলৈকে ড্ৰিলিং কৰা হৈছে আৰু ১০ মিটাৰ ড্ৰিলিং বাকী আছে ।
উল্লেখ্য যে, ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪১জনকৈ শ্ৰমিক । উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব ।
এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) । বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য অভিযানৰ আজি ১৪ দিন । কিন্তু এতিয়ালৈকে সাহায্য উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।১৪দিন উকলি যোৱাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক ।
উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত ১২ নৱেম্বৰৰ পৰা উদ্ধাৰ অভিযান চলি আছে । দেশৰ লগতে বিশ্বৰ সকলো প্ৰধান দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞই উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত উদ্ধাৰ অভিযানত সহযোগিতা কৰিছে । অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ ১৪ দিন হোৱাৰ পিচতো উদ্ধাৰ অভিযান সফল নোহোৱাত সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।