Local, Vocal, Global

Russian actress killed in Ukrainian strike on event for troops : লাইভ শ্ব’ত নিহত ৰাছিয়ান অভিনেত্ৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : অব্যাহত আছে ৰাছিয়া ইউক্ৰেইনৰ মাজত মহা সংঘাত । কোন দিনা উৰ পৰিব এই সংঘাত, তাৰে যেন অম্বেষনত এতিয়া বিশ্বৰ সচেতন মহল ।যাক লৈ পুনৰ সংঘাটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাছিয়াৰ এটা সাংস্কৃতিক অনুষ্ঠানত(Russian actor killed on stage during live show in Ukraine ‘revenge’ attack) ।

পূব ইউক্ৰেইনৰ ৰাছিয়াৰ নিয়ন্ত্ৰিত অঞ্চলত ৰাছিয়াৰ সৈন্যৰ হৈ অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে ইউক্ৰেইনৰ আক্ৰমণ বলি পলিনা মেনশিখ নামৰ এগৰাকী ৰাছিয়ান অভিনেত্ৰী । ইউক্ৰেইনৰ আক্ৰমণত ৪০ বছৰীয়া অভিনেত্ৰী পলিনা মেনছিখ নিহত হয় ।

উল্লেখ্য যে, ৪০ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৰাছিয়ান থিয়েটাৰ ডনবাছ অঞ্চলত অনুষ্ঠিত মঞ্চত অভিনয় কৰি থকাৰ সময়তে কোনো দুৰ্বৃত্তই তেওঁক গুলিয়াই হত্যা কৰে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল এটা ভিডিঅ’ত প্ৰকাশ পোৱা অনুসৰি ৰাছিয়ান সৈন্যই উপভোগ কৰি আছিল মঞ্চত গীটাৰ লৈ মেনশিখৰ এটাৰ পিছত আনটোকৈ গান গাই আছিল ।

খবৰ অনুসৰি ৰাছিয়াৰ সেনাই নিজৰ মিছাইল আৰু আৰ্টিলাৰী বাহিনীক উদযাপন কৰা দিনটোত ইয়াক ৰেকৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে পোলিনাই অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু হঠাতে অট্টালিকাটো বিস্ফোৰণৰ ফলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল। ক্ষন্তেকতে লাইট নুমুৱাই গৈছিল আৰু সমগ্ৰ পৰিৱেশ ছিন্নভিন্ন হৈ পৰিছিল । কোনোবাই দুৰ্বৃত্তই হত্যাকাণ্ডটো সংঘটিত কৰিবৰ বাবে কেমেৰাত বন্ধ কৰিব বাবে লাইট নুমুৱাই দিয়াৰ সন্দেহ কৰে(Russian actress Polina Menshikh killed in Ukrainian shelling)।

তথ্য অনুসৰি এই কাণ্ডৰ সবিশেষ তথ্য পোৱা নাই যদিও দুয়োপক্ষৰ সামৰিক বিষয়াই ইউক্ৰেইনৰ আক্ৰমণ হোৱা বুলি নিশ্চিত কৰিছে। আনহাতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই। মুঠৰ ওপৰত ৰাছিয়া ইউক্ৰেনৰ সংঘাট যে এতিয়াও অন্ত পৰা নাই তাকে উমান পোৱা গৈছে ।

লগতে পঢ়ক : Israel-Hamas war : গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ