Local, Vocal, Global

Human trafficking : পুনৰ অসমৰ যুৱতীৰ বহিঃৰাজ্যলৈ সৰবৰাহ

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ তথ্য(Human trafficking) । পুনৰ অসমৰ যুৱতীৰ বহিঃৰাজ্যলৈ সৰবৰাহ । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মানৱ সৰবৰাহৰ ঘটনা (Human trafficking cases rises in Assam) । যেন ক্ৰমাৎ মানৱ সৰবৰাহৰ ‘হাব’লৈ পৰিণত হৈছে অসম (Assam going to be hub of human trafficking) ।

দাৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি, কর্মসংস্থাপনৰ প্ৰলোভন দি অথবা অপহৰণ কৰি ৰাজ্যখনৰ পৰা নিয়া কিশোৰ, কিশোৰী আৰু যুৱতীসকলক একাংশ লোকে বহিঃৰাজ্যত বিক্ৰী কৰি দিয়া বা অসৎ কার্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱা ঘটনা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে (Assam become hub of human trafficking) । বিগত সময়ত দেশৰ বিভিন্ন প্রান্তত অসম আৰক্ষীয়ে বহুকেইগৰাকী কিশোৰী আৰু যুৱতীক উদ্ধাৰ কৰা ঘটনাই মানৱ সৰবৰাহৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰিছে ।

পুনৰ মানৱ সৰবৰাহৰ ভয়ংকৰ জালৰ পৰিল অসমৰ কিশোৰী ৷ বহিঃৰাজ্যলৈ পঠোৱা ৭ গৰাকীৰ কিশোৰীক উদ্ধাৰ নৈশ বাছত ।

উল্লেখ্য যে,বুধবাৰে নিশা নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হৈছে বহিঃৰাজ্যলৈ পঠোৱা ৭গৰাকীকৈ কিশোৰী আৰু যুৱতী। অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী AR 01 M 7945 নম্বৰৰ দ্বীপ ট্ৰেভেলছ নামৰ নৈশ বাছ খনৰ পৰা গোপন সূত্ৰৰ পম খেদি যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৭ গৰাকী কিশোৰীক উদ্ধাৰ কৰে।

অৰুণাচলৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী বাছৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰী আৰু যুৱতীক কেইগৰাকীক।

প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই উদ্ধাৰ অভিযান। পিংকী কৰ্মকাৰ নামৰ এগৰাকী মহিলাই কিশোৰী আৰু যুৱতীকসকলক লৈ গৈছিল । এই সৰবৰাহৰ সৈতে ৰূপৰেখা শৰ্মা নামৰ আন এগৰাকী মহিলাও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।প্রাথমিক অনুসন্ধানৰ অন্তত এয়া মানৱ সৰবৰাহকাৰীৰে কাম বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিশোৰী আৰু যুৱতীসকলৰ পৰিয়ালক প্রলোভন দি বহিঃৰাজ্যলৈ তেওঁলোকক সৰবৰাহ কৰাৰ সন্দেহ আৰক্ষীৰ।নৈশ বাছৰ পৰা উদ্ধাৰ বহিঃৰাজ্যলৈ সৰবৰাহ হোৱা ৭গৰাকীকৈ কিশোৰী-যুৱতী

সম্প্ৰতি ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : Remembering Tarun Gogoi: আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী