Local, Vocal, Global

How to get rid of gas pain fast : গেছৰ সমস্য়া, ঘৰুৱা উপায়ৰে মুহূৰ্ততে দূৰ কৰক সমস্যা

গেছৰ সমস্য়া । সাধাৰতে অত্যাধিক পৰিমাণে জ্বলা-পোৰা খাদ্য, টেঙা-মচলাযুক্ত খাদ্য, ফাষ্টফুড আদি খোৱাৰ ফলত গেছৰ সমস্যাই দেখা দিয়ে। আমি খোৱা খাদ্য পাকস্থলীত জমা হোৱাৰ পাছত ইয়াৰ পৰা নিৰ্গত হোৱা অম্ল ৰস বা গেষ্ট্ৰিক জুচে খাদ্য হজম কৰাত সহায় কৰে (How to get rid of gas pain fast)।

কিন্তু কেতিয়াবা এই গেষ্ট্ৰিক জুচৰ পৰিমাণ ইমানেই বেছি হয়, যাৰবাবে আমি যথেষ্ট অসুবিধাত পৰো।বৰ্তমান সময়ত মানুহৰ জীৱন শৈলী ইমানেই বেয়া হৈ পৰিছে যাৰ ফলত বিভিন্ন সমস্য়াই দেখা দিছে । যাৰ বাৰে কাৰোবাৰ গেছৰ সমস্যা হ’লেও আচৰিত যেন নালাগে । তেলযুক্ত খাদ্য খোৱাৰ ফলত কিন্তু ই স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰে । ইয়াৰ সেৱনৰ বাবে হজম শক্তিৰ সৈতে জড়িত সমস্যা আৰম্ভ হয়, যাৰ ফলত গেছৰ সৃষ্টি হয়(Gastritis) ।

গেষ্ট্ৰিকৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে যেনে, পেটৰ বিষ, বমি-বমি ভাৱ বা বমি হোৱা, পেটৰ পোৰণি, খোৱাৰ প্ৰতি অনীহা, টেঙা-জ্বলা উগাৰ, উশাহ লোৱাত কষ্ট, জিভাৰ ৰং পৰিৱৰ্তন, মুখৰ দুৰ্গন্ধ, শৌচ ক’লা হোৱা, কেতিয়াবা বমিৰ লগত তেজ ওলোৱা আদি ।যদি আপোনাৰ গেছৰ সমস্যা আছে, তেন্তে আপুনি কিছুমান সহজ কৌশল ব্যৱহাৰ কৰি ইয়াৰ পৰা সকাহ পাব পাৰে ।

গেছৰ সমস্যাই আমাৰ সকলোকে বাৰুকৈয়ে কষ্ট দিয়ে।আপুনিও যদি ইয়াৰ ভুক্তভোগী, তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই আপুনি অতি সোনকালে গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰে ।আজি এই বিষয়ে জানো আহক-

বেকিং চ’ডা

যদি পাকস্থলীত হোৱা গেছৰ সমস্যাই আপোনাৰ জীৱন কঠিন কৰি তুলিছে, তেনেহ’লে দৈনিক খালী পেটত এক চামুচ বেকিং চ’ডাত নেমুৰ ৰস মিহলি কৰি সেৱন কৰক।এই উপায়ৰে আপুনি অতি সোনকালেই গেছৰ পৰা সকাহ পাব।

হিং

সাধাৰণতে আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে হিং ব্যৱহাৰ কৰো। কিন্তু মূহূৰ্ততে গেছৰ সমস্যা আঁতৰ কৰাতো হিং যথেষ্ট সহায়ক। ইয়াৰ বাবে আপুনি অকনমান হিং গৰম পানীৰ সৈতে মিহলি কৰি খাব লাগিব। দিনত কমেও ৩ বাৰ এনেদৰে খালে আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

জালুক

কেৱল গেছৰ সমস্যাৰ পৰা সকাহ দিয়াই নহয়, হজম শক্তি শক্তিশালী কৰাতো জালুক যথেষ্ট কাৰ্যকৰী। যদি পেটত গেছ থাকে, আপুনি গাখীৰৰ সৈতে মিহলি কৰি জালুক খাব পাৰে।

ডালচেনি

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ডালচেনি পানী খাব পাৰে। অলপ পানীত দুটুকুৰামান ডালচেনী দি উতলাব আৰু ঠাণ্ডা হোৱাৰ পাছত সেয়া সেৱন কৰিব। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আপুনি ডালচেনিৰ পানী খাব পাৰে। যদি আপুনি ইয়াৰ সোৱাদ ভাল নাপায়, ইয়াত মৌ মিহলি কৰি খাব পাৰে।

নহৰু

যদি পেটত গেছ থাকে, তেন্তে আপুনি অলপ পানীত দুই-তিনি ফুটা নহৰু আৰু এক চামুচ জিৰা মিহলি কৰি উতলাই ঠাণ্ডা হোৱাৰ পাছত সেই পানীয় গ্ৰহণ কৰিব। দিনত দুবাৰকৈ এনেদৰে সেৱন কৰিলে গেছৰ সমস্যা একেবাৰে নাইকিয়া হ’ব।