Local, Vocal, Global

34 Civil Servants Arrested By SIT For APSC scam : SIT ৰ অভিযানত আটক ৩৪ গৰাকীকৈ ৰাজপত্ৰিত বিষয়া

নিউজ ডেস্ক, ২২ নৱেম্বৰ : APSC কেলেংকাৰি সন্দৰ্ভত মঙলবাৰে নিশা SIT ৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ ২ ৰাজপত্ৰিত বিষয়াক ।

SIT আটক APSC ৰ কেলেংকাৰীৰে নাম সাঙোৰ খোৱা ৩২জনকৈ ৰাজপত্ৰিত বিষয়াক । বক্ৰ পথেৰে APSC ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াক মঙলবাৰে আটক কৰিছে বিশেষ তদন্ত গোটে (34 Civil Servants Arrested By SIT For APSC scam) ।

প্ৰাপ্ত তথ্য অনুসৰি , মঙলবাৰে নিশা IPS প্রতীক থুবেৰ নেতৃত্বত SITৰ এই অভিযান চলোৱা হয় ।অভিযানত SITএ গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰাজপত্ৰিত বিষয়া ছাহজাহান সৰকাৰ (এ পি এছ) আৰু ঐশ্বর্য জীৱন বৰুৱা (এ পি এছ)ক । বৰ্তমান CIDৰ কাৰ্যালয়ত ৰখা হৈছে দুই অভিযুক্তক। বাকী ৩২ বিষয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আটকাধীন দুজন বিষয়াক SITৰ তৰফৰ পৰা সোধাপোছা অব্যাহত ৰাখিছে।

আনহাতে APSCত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত আন ৩২ জনকেই আটক কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, অভিযুক্ত ৰাজপত্ৰিত বিষয়াসকল যি স্থানত কৰ্তব্যত নিযুক্ত আছে সংশ্লিষ্ট স্থানত SITএ অভিযান চলাই আছে(34 Civil Servants Arrested By SIT For APSC Cash-For-Job Scam)।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাচত ৰাজ্য চৰকাৰে এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোটে (এছ আই টি) ২০১৫ চনৰ এই ৩৪ বিষয়াৰ বাছনিৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ তথ্য-পাতি লাভ কৰাৰ পিছতে মঙলবাৰে নিশা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰিছে । বৰ্তমান এছ আই টিয়ে আটাইকেইজনৰ জেৰা অব্যাহত ৰাখিছে । ইয়াৰে কেইবাজনো আজি গ্ৰেপ্তাৰ হোৱাৰো‌ সম্ভাৱনা আছে(SIT Apprehends 34 Civil Servants in Connection to APSC Cash-for-Job Scam) ।

লগতে পঢ়ক : Journalist casualties in the Israel-Gaza war : ইজৰাইল-হামাছৰ যুদ্ধৰ বিধ্বংসী ৰূপ; বৰ্তমানলৈ মৃত ৫৩ জনকৈ সাংবাদিকৰ