Local, Vocal, Global

2 Held for Involvement in Hawala Transactions : মহানগৰীৰ আঠগাঁৱত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ

নিউজ ডেস্ক, ২২ নৱেম্বৰ : মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযান ৷ অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ(2 Held for Involvement in Hawala Transactions) ।

মঙলবাৰে আৰক্ষীয়ে আঠগাঁৱৰ MS ৰোডত অভিযান চলাই । অভিযানত আটক কৰে দুজন অভিযুক্তক লগতে অভিযুক্তৰ পৰা জব্দ কৰে ২ কোটিৰো অধিক নগদ ধন ৷

জানিব পৰা মতে, দীৰ্ঘদিনে গুৱাহাটীত বাহৰ পাতি চলাই আহিছিল হাৱালা চক্ৰই । মঙলবাৰে নিশা আৰক্ষীয়ে জমিৰ আহমেদৰ বাসগৃহত চলাইছিল অভিযান ৷ অভিযানত আৰক্ষীয়ে দুই অভিযুক্ত দেৱকৰণ সেন আৰু মনোজ কুমাৰক আটক কৰে(2 Held for Involvement in Hawala Transactions; Over Rs 1 Cr Seized) ৷

আটক কৰা অভিযুক্ত দেৱকৰণ সেন ২৭বছৰীয়া ঘৰ ৰাজস্থানত আৰু মনোজ কুমাৰ ৪৭বছৰীয়া ঘৰ ৰাজস্থানত বুলি চিনাক্ত কৰা হৈছে ।

ইফালে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আই টি দলৱে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Road Accident in Mangaldoi : মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা