Death Anniversary of Legendary Actor Biju Phukan : আজি বিশিষ্ট অভিনেতা বিজু ফুকনৰ ষষ্ঠতম মৃত্যু বাৰ্ষিকী
নিউজ ডেস্ক, ২২ নৱেম্বৰ : বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি ষষ্ঠতম মৃত্যু বাৰ্ষিকী । ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে আজিৰ দিনটোতেই মহান অভিনেতাগৰাকীয়ে ইহলীলা সম্বৰণ কৰিছিল(Death Anniversary of Legendary Actor Biju Phukan) ।
আজিৰ দিনটোতে অসমবাসীক কন্দুৱাই সংস্কৃতিৰ বৰপথাৰ উকা কৰি অজান মূলুকলৈ গুচি গৈছিল মহাতাৰকা বিজু ফুকন।
উল্লেখ্যে যে ১৯৪৭চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে । ডা০ বেজবৰুৱা ছবিৰ যোগেদি অসমীয়া ছবিত আত্মপ্ৰকাশ কৰিছিল। আনহাতে নায়ক হিচাপে তেওঁ অৰ্ধশতাধিক ছবিত অভিনয় কৰি দৰ্শকৰ মনত আজিও সুকীয়া আসন দখল কৰি আছে।
চিনেমা জগতত ‘বিজু দা’ নামেৰে খ্যাত হৈ পৰা অভিনেতাজনে চলচিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ভ্ৰম্যমাণ থিয়েটাৰতো নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল। ইয়াৰোপৰি তেওঁ ‘ভাই–ভাই’ নামৰ ছবিখন পৰিচালনা কৰিছিল(Remembering Legendary Actor Biju Phukan On His 6th Death Anniversary)।
মৃত্যুৰ আগমুহূৰ্তলৈকে অসমীয়া ছবিৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল বিজু ফুকনে। অসমীয়া ছবিৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল বিজু ফুকনে। আজি বিজু দাৰ ষষ্ঠতম মৃত্যু বাৰ্ষিকীৰ দিনা ৰাজ্যবাসীয়ে স্মৰণ কৰে মৰমৰ অভিনেতাজনক। যদিও কায়িক ভাবে বিজু দা আমাৰ মাজত নাই, তথাপিও অসমীয়া ছবিলৈ বিজু দাই আগবঢ়োৱা অৱদান সদায়েই সজীৱ হৈ থাকিব অসমীয়া সমাজ জীৱনত।