Youth dies after India Defeat World Cup Final : বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু
নিউজ ডেস্ক, ২০ নৱেম্বৰ : বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু। দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনাৰ ।
উল্লেখ্য যে, দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হৈছিল বিশ্বকাপৰ ফাইনেল । বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত । বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰিলে এজন যুৱকে । ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে যুৱকজনে (Dejected Over India’s World Cup Final Loss, Guwahati Youth Passes Away)!
মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছে এই ঘটনাটো । দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২০ বছৰীয়া মৃনাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। নিশা হয়তো টোপনি অহা নাছিল প্ৰাঞ্জলৰ।পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল প্ৰাঞ্জলে। তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত প্ৰাঞ্জলক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ। অচেতন অৱস্থাত থকা মৃনালক পৰিয়ালৰ লোকে ততাতয়াকৈ চিকিৎসালয়লৈ নিছিল যদিও তেওঁৰ মৃত্যু হয়।
দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২১ বছৰীয়া মৃণাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। নিশা হয়তো টোপনি অহা নাছিল মৃণালৰ। পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল মৃণাল(Young Boy Died after India lose World Cup Final)।
তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত মৃণালক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ। লগে লগে পৰিয়ালৰ লোকে মৃণালক হাস্পতাললৈ লৈ যায়। হায়াত হাস্পতালত মৃণালক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।মৃত মৃণাল মজুমদাৰ বিৰুবাৰীৰ আইটিআইৰ ছাত্ৰ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, কোনো ধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল। ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।