Chhath Puja 2023 : জামুগুৰিহাটৰ টৌভঙা বহিমৰা নদীত ছট পূঁজাত অগনন ভক্তৰ লানি নিছিঙা সোঁত
জামুগুৰিহাট, ২০ নৱেম্বৰ : আজি ষট পূজাৰ অন্তিম দিন।ৰাজ্যৰ ভিন্ন প্ৰান্তত ষটপূজাত ভক্তৰ ব্যাপক সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বৰ্ষটো ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সূৰ্য দেৱতাক প্ৰণাম কৰা উদ্দেশ্যে আয়োজন কৰা হৈছে ষট পূজা । সম্পূৰ্ণ মাংগলিক নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে এই পূজা ভাগ(Chhath Puja 2023) ।
জামুগুৰিহাটৰ টৌভঙা বহিমৰা নদীত ছট পূঁজাত অগনন ভক্তৰ লানি নিছিঙা সোঁত(Chhath puja celebrated across Assam)৷
অসম বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ টৌভঙা বহিমৰা নদীত ছট পূঁজাত ভক্তৰ লানি নিচিঙা সোঁত বোৱা পৰিলক্ষিত হয় । আদৰ্শ নৱ যুৱ সমিতিৰ উদ্যোগত এইবেলি টোভঙাৰ বহিমৰা নদীৰ ঘাটত ছট পূঁজা উদযাপন কৰা হৈছে। সুৰ্দীঘ ৪৫ বৰ্ষ অতিক্ৰম কৰিলে জামুগুৰিহাটৰ টৌভঙাৰ ছট পূঁজাই(Chhath puja celebrated in Assam)।
উল্লেখ্য যে ছট পূঁজাত মহিলা সকলে ৭২ ঘন্টা নিৰজল ব্ৰত ৰাখি সূৰ্য দেৱতাক আৰধনা কৰা দেখা যায় ৷ সোমবাৰে পুৱা ধলাইবিল টুপীয়া বিভিন্ন ঠাইৰ পৰা ভক্ত সকল বহিমৰা ঘাটত উপস্থিত হয় । দুই দিনীয়া কাৰ্যসূচীৰে আয়োজিত ছট পূঁজা সোমবাৰৰ পূৱাই সফল সমাপন ঘটে ৷
লগতে পঢ়ক :Rajasthan Road Accident: আৰক্ষী জোৱানৰ বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ, নিহত ৫গৰাকীকৈ আৰক্ষী জোৱান