Arms seized in Manipur : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। মণিপুৰত আৰক্ষী আৰু অসম ৰাইফলছৰ সফল অভিযান ।অভিযানত জব্দ মাৰণাস্ত্ৰ(Arms seized in Manipur) ।
অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । উত্তৰ-পূব ৰাজ্য মণিপুৰত আৰক্ষী আৰু অসম ৰাইফলছো যৌথ অভিযান চলাই । যৌথ অভিযানত বুজন পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰীৰ লগতে লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে(Assam Rifles Recover Huge Arms Consignment In Joint Op)।
এই সম্পৰ্কে এক্স(পূৰ্বৰ টুইটাৰ)ত আছাম ৰাইফলছে এটা পোষ্ট কৰে আৰু পোষ্টটোৰ মতে, ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীৰ সৈতে অসম ৰাইফলছৰ যৌথভাৱে অভিযান চলাইছিল। অভিযানৰ সময়ত এটা মেগজিনসহ এটা এ কে ৫৬ ৰাইফল, মেগজিনসহ এটা ৯ এম এম পিষ্টল, দুটা গ্ৰেনেড, চাৰিটা ইম্প্ৰভাইজড মৰ্টাৰ, আৰু গোলাবাৰুদ জব্দ কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অক্টোবৰ মাহত মণিপুৰ আৰক্ষীয়ে ৱাংগু লাইফাম অঞ্চলত চলোৱা তালাচী অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ জব্দ কৰিছিল।
জব্দ কৰা হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল এটা এ কে ৪৭, পাঁচটা এছ এল আৰ, এটা .৩০৩ ৰাইফল(মডিফাইড), এটা ইনছাছ ৰাইফল, তিনিটা ০.৩০৩ ৰাইফল, দুটা এছ বি বি এল, ১১টা এইচ ই গ্ৰেনেড, এটা চাইনিজ হেণ্ড গ্ৰেনেড, তিনিটা wp গ্ৰেন এম কে আই, ১৫ গ্ৰেনেড লঞ্চিং টিউব, ফিউজৰ সৈতে কম পৰিমাণৰ সন্দেহযুক্ত পেক, ছটা ডিটনেটৰ, দুটা ডিটনেটৰ বক্স, ছটা বেলিষ্টিক কাৰ্টিজ, ১২টা ব’ৰৰ তিনিটা খালী কেচ, এটা বিপি ভেষ্ট, দুটা ৱাকি টকি (বাওফেং), এটা খালী এ কে -৪৭ মেগজিন, এটা খালী ইনছাছ ৰাইফল মেগজিন , চাৰিটা খালী .৩০৩ ৰাইফল মেগজিন, পাঁচটা খালী এছএলআৰ ৰাইফল মেগজিন আৰু এটা স্থানীয় নিৰ্মিত পাইপ বোমা।
বিষয়াসকলে জনোৱা মতে, কমাণ্ডো (চিডিঅ’) ইউনিটৰ এটা সংযুক্ত দল-কাকচিং, কাকচিঙৰ গাঁও প্ৰতিৰক্ষা বাহিনী (ভিডিএফ)ৰ জোৱান, মণিপুৰ আৰক্ষী টেলিকম অৰ্গেনাইজেচন (এমপিটিঅ’)ৰ কৰ্মী, ভাৰপ্ৰাপ্ত কাৰ্যালয় (অচি)- ৱাংগু পি এছ, সুগনু পি এছৰ মহকুমা আৰক্ষী বিষয়া (এছ ডি পি অ’), ডি-কয় ১৩৬ বি এছ এফ আৰু বি-কয় ১৬৭ বি এছ এফৰ দলসমূহ এছ পি/কে চি জি থ বিক্ৰমজিৎ সিঙৰ তত্বাৱধানত অতিৰিক্ত এছ পি (অ’ পি এছ) কাকচিঙৰ নেতৃত্বত আৰু সামগ্ৰিক তত্বাৱধানত… DIG/R-II এইচ যোগেশচন্দ্ৰ সিং।
উদ্ধাৰ হোৱা সামগ্ৰীসমূহ অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি ডব্লিউএনজি-পিএছলৈ এণ্ডেড কৰা হয়।
লগতে পঢ়ক : Banned Cough Syrup Bottles Seized : অসম-ত্ৰিপুৰা সীমান্তত জব্দ বুজন পৰিমাণৰ কফ চিৰাফ